August 25, 2025 8:46 PM

views 9

আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলন প্রতিযোগিতাৰ যুৱ শাখাত অসমৰ ধৰ্মজ্যোতি দেউঘৰীয়াৰ সোণৰ পদক

গুজৰাটৰ আহমেদাবাদত আজিৰে পৰা আৰম্ভ হোৱা কমনৱেলথ ভাৰোত্তোলন প্রতিযোগিতাৰ যুৱ শাখাত ৰাজ্যৰ প্ৰতিভাৱান ভাৰোত্তোলক ধৰ্মজ্যোতি দেউঘৰীয়াই সোণৰ পদক অৰ্জন কৰিছে। যুৱ শাখাৰ ৫৬ কিলোগ্রাম শিতানত ধৰ্মজ্যোতিয়ে স্নেটচত ৯৭ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১২৭ কিলোগ্ৰামেৰে মুঠ ২২৪ কিলোগ্ৰাম ভাৰোত্তোলন কৰি সোণৰ পদক লাভ কৰে। নিজৰ খেলুৱৈ জীৱনৰ প্ৰথমখন কমনৱেলথ প্রতিযোগিতাতে স্বর্ণ জয় কৰি ধৰ্মজ্যোতিয়ে অনৱদ্য সফলতা অৰ্জন কৰিলে। তেওঁ লগতে স্নেটচ শিতানত প্ৰতিযোগিতাখনৰ নতুন অভিলেখো গঢ়ে। ধৰ্মজ্যোতিৰ এই গৌৰৱময় সাফল্য...

August 24, 2025 8:48 PM

views 29

আহমেদাবাদত কমনৱেলথ ভাৰোত্তোলন প্রতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ পাঁচগৰাকী খেলুৱৈৰ অংশগ্ৰহণ

আহমেদাবাদত আজি আৰম্ভ হোৱা কমনৱেলথ ভাৰোত্তোলন প্রতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ পাঁচগৰাকী প্ৰতিভাবান খেলুৱৈয়ে অংশ লৈছে। কাইলৈ ধৰ্মজ্যোতি দেওঘৰীয়াই ল'ৰাৰ যুৱ শাখাৰ ৫৬ কিলোগ্রাম শাখাত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত অংশ লোৱা অসমৰ আনকেইগৰাকী ভাৰোত্তোলক হৈছে- ৫৮ কিলোগ্রাম শাখাত ভাবনা গগৈ, ৭১ কিলোগ্ৰাম শাখাত হেমন্ত দৈমাৰী আৰু অভিনৱ গগৈ আৰু ৭৯ কিলোগ্ৰাম শাখাত বেব্ৰত ভৰালী। অসম ভাৰোত্তোলন সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিযোগী কেইগৰাকীলৈ শুভেচ্ছা জনাইছে।