April 13, 2025 7:26 PM

views 29

অসম গণ পৰিষদ দলৰ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ

অসম গণ পৰিষদ দলে আজি গুৱাহাটীৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনোৱাৰ লগতে পঞ্চায়ত নিৰ্বাচনক লৈ দলৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰকাশ কৰে। দলটোৱে পঞ্চায়ত নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব বুলি দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই উল্লেখ কৰে। এই নিৰ্বাচনৰ পাছত হবলগীয়া ৩ খন স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে দলে কমিটি গঠন কৰি কাম-কাজ অব্যাহত ৰখা বুলি সভাপতি শ্ৰীবৰাই প্ৰকাশ কৰে।

August 6, 2024 9:07 PM

views 29

অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত ৪ খন গুৰুত্বপূৰ্ণ বর্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত

অসম গণ পৰিষদৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত আজি অসম মহিলা পৰিষদ, অসম কৃষক পৰিষদ, অসম ছাত্ৰ পৰিষদ আৰু অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ৪ খন গুৰুত্বপূৰ্ণ বর্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হয়। চাৰিখন সভাতে কেন্দ্রীয় সমিতি, জিলা সমিতি আৰু সমষ্টি সমিতিৰ সভাপতি, সম্পাদক তথা বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। মূলতঃ তৃণমূল পৰ্যায়ৰ পৰা দলটোক সাংগঠনিকভাৱে শক্তিশালী কৰা আৰু নিৰ্বাচনকেন্দ্ৰিক প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে এই সভাকেইখন অনুষ্ঠিত কৰা হয়। সেই অনুসৰি অহা ১১, ১২ আৰু ১৩ আগষ্ট তাৰিখে সকল...