December 30, 2024 8:16 PM

views 21

অগপৰ মুখ্য কাৰ্যালয়ত সাংবাদিকসকলৰ সৈতে অতুল বৰাৰ মত বিনিময় অনুষ্ঠান

২০২৫ বৰ্ষৰ আৰম্ভণিৰে পৰা ব্যাপক কর্মসূচীৰে অসম গণ পৰিষদ দলে ৰাজ্যখনত প্ৰগতিশীল আঞ্চলিকতাবাদৰ ধাৰাটোক অধিক সবল ৰূপ প্ৰদান কৰিব। নতুন বছৰৰ প্ৰাকক্ষণত এই নতুন সংকল্প বাস্তৱায়িত কৰাৰ দিশত কাম-কাজ অব্যাহত ৰাখিব বুলি আজি অগপৰ মুখ্য কাৰ্যালয়ত সাংবাদিকসকলৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত দলটোৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই প্ৰকাশ কৰে। দলটোৱে গাঁৱে-গাঁৱে অগপ, চহৰে-নগৰে অগপ শীৰ্ষক এটা বছৰজোৰা পৰিকল্পনা গ্রহণ কৰিছে বুলিও জানিবলৈ দিয়ে। সভাপতি শ্ৰীবৰাই কয়, যে ৰাজ্যখনৰ জনসাধাৰণৰ কাষলৈ...

July 24, 2024 6:47 PM

views 27

গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

অসম গণ পৰিষদৰ দলৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত আজি দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত সমাগত উপ নির্বাচন, পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাংগঠনিক কাম-কাজ আৰু ভৱিষ্যৎ পৰিকল্পনা বিভিন্ন বিষয়ে আলোচনা কৰা হয়। তদুপৰি কাৰ্যনিৰ্বাহক সভাত তৃণমূল পৰ্যায়ত দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ বাবে ৰণকৌশল ৰচনাৰ বিভিন্ন দিশ সম্পর্কতো আলোচনা কৰা হয়। সভাত দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, ভাতৃ-ভগ্নী সংগঠন তথা জিলা সমিতি সমূহৰ সভাপত...

May 20, 2024 8:39 PM

views 24

গুৱাহাটীৰ অগপৰ মুখ্য কাৰ্যালয়ত দলৰ কেন্দ্ৰীয় বর্ধিত কাৰ্যনিৰ্বাহকৰ বৈঠক

গুৱাহাটীৰ অগপৰ মুখ্য কাৰ্যালয়ত আজি দলৰ কেন্দ্ৰীয় বর্ধিত কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ লগতে ৰাজ্যৰ বিভিন্ন সংসদীয় সমষ্টিৰ বাবে নিযুক্ত অগপৰ পৰ্যৱেক্ষকসকল উপস্থিত থাকে। শেহতীয়া নিৰ্বাচনী কার্যকলাপৰ সৈতে জড়িত বিভিন্ন দিশ পর্যালোচনা কৰা লগতে বৈঠকত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ বাবে তৃণমূল পৰ্যায়ত ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হয়। সংসদীয় সমষ্টি আৰু বিধানসভা সমষ্টিসমূহৰ দায়িত্বত থকা বিষয়াসকলৰ পৰা বৈঠকত প্রতিবেদন গ্ৰহ...