January 5, 2025 11:27 AM January 5, 2025 11:27 AM

views 4

লখিমপুৰ জিলাত আজি অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ বাবে অসামৰিক প্ৰতিৰক্ষা সংযুক্ত পৰীক্ষা

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে লখিমপুৰ জিলাত আজি অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ বাবে অসামৰিক প্ৰতিৰক্ষা সংযুক্ত পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা দণ্ডাধীশে পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰাৰ্থী আৰু পৰীক্ষাৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীৰ বাবে অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। কোনো প্রার্থীয়ে মোবাইল ফোন নাইবা কোনো ধৰণৰ ডিজিটেল যোগাযোগৰ মাধ্যম, কেলকুলেটৰ, পেইন ড্রাইভ, পাঠ্যপুথি আদি পৰীক্ষা কেন্দ্ৰৰ ভিত...

July 12, 2024 9:23 AM July 12, 2024 9:23 AM

views 6

কেন্দ্রীয় বাহিনীসমূহে প্রাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব

■ কেন্দ্রীয় বাহিনীসমূহে প্রাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব। অগ্নীপথ আঁচনিক লৈ চলি থকা বিতৰ্কৰ মাজতেই কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে। সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু সশস্ত্ৰ সীমা বলৰ দৰে কেন্দ্ৰীয় বাহিনীসমূহৰ মুৰববীসকলে কৈছে যে, প্রাক্তন অগ্নিবীৰসকলে বয়সৰ উৰ্ধ সীমাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব আৰু তেওঁলোকৰ বাবে শাৰিৰীক দক্ষতাৰ ...

July 10, 2024 7:11 PM July 10, 2024 7:11 PM

views 9

ৰাজ্যৰ ৯ খন জিলাৰ অগ্নিবীৰ আঁচনিৰ প্ৰাৰ্থীৰ বাবে নিযুক্তি সমাবেশৰ আয়োজন

যোৰহাট জিলাৰ সেনা নিযুক্তি কাৰ্যালয়ে ৰাজ্যৰ ৯ খন জিলাৰ অগ্নিবীৰ আঁচনিৰ প্ৰাৰ্থীৰ বাবে অহা ১৫ জুলাইৰ পৰা ২০ জুলাইলৈ নিযুক্তি সমাবেশৰ আয়োজন কৰিছে। যোৰহাট, মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ধেমাজি আৰু লখিমপুৰ জিলাৰ বাছনিভুক্ত প্রার্থীয়ে এই সমাৱেশত অংশ ল'ব পাৰিব। প্রার্থীসকলে প্ৰৱেশ পত্ৰত উল্লেখ কৰা দিনটোত অনুশীলন কৰা স্থানত উপস্থিত হ'বলৈ আহ্বান জনোৱা হৈছে। বাছনিভুক্ত প্রার্থীসকলে নিযুক্তি সমাবেশত দৌৰৰ লগতে শাৰীৰিক সক্ষমতাৰ পৰীক্ষা আৰু স্বাস্থ্য পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব...