September 7, 2024 12:14 PM

views 12

ওড়িষাত অগ্নি-4 বেলিষ্টিক ক্ষেপনাস্ত্ৰৰ উৎক্ষেপন সফলতাৰে সম্পন্ন

ওড়িষাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা কালি মধ্য দূৰত্বভেদী অগ্নি-4 বেলিষ্টিক ক্ষেপনাস্ত্ৰৰ উৎক্ষেপন সফলতাৰে সম্পন্ন কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে, ক্ষেপনাস্ত্রবিধ উৎক্ষেপনৰ সময়ত সঞ্চালন আৰু কাৰিকৰী দিশৰ সকলো ধৰণৰ মানৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কৈছে যে, কৌশলগত সেনা কামাণ্ডৰ তদাৰকত এই পৰীক্ষা সম্পন্ন কৰা হয় ৷