March 31, 2025 11:49 AM

views 31

ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ কাইলৈৰ পৰা প্ৰত্যাহাৰ

কেন্দ্ৰীয় চৰকাৰে অসমৰ ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ কাইলৈৰ পৰা প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা ২৪ মাৰ্চত কেন্দ্রীয় গৃহমন্ত্ৰ্যালয়ে অসম চৰকাৰক এই বিষয়ে জনাই আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰে। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে কালি সন্ধিয়া এই সম্পৰ্কত জাৰি কৰা অধিসূচনা অনুসৰি ৰাজ্যখনৰ চৰাইদেউ, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাত সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইনৰ ম্যাদ কাইলৈৰ পৰা আৰু ছমাহলৈ বৃদ্ধি কৰা হৈছে। ডিব্ৰুগড় জিলাৰ পৰা আইনখন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে। উ...

March 29, 2024 9:47 PM

views 132

অসমত ৪খন জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ ছমাহলৈ বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে অসমত চাৰিখন জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ ছমাহলৈ বৃদ্ধি কৰিছে। ১ এপ্ৰিলৰ পৰা ছমাহলৈ অশান্ত অঞ্চল হিচাপে চিহ্নিত কৰা অসমৰ জিলা চাৰিখন হ'ল তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ আৰু ডিব্ৰুগড়। ইপিনে নাগালেণ্ডৰ ৮খন জিলাত আৰু অৰুণাচল প্ৰদেশৰ এখন জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ আৰু ছমাহলৈ বৃদ্ধি কৰা হৈছে। নাগালেণ্ডৰ ৮খন জিলাৰ ২১খন থানাৰ অন্তর্গত অঞ্চলসমূহৰ লগতে অৰুণাচল প্ৰদেশৰ ৩ খন থানাৰ অন্তৰ্গত অঞ্চলসমূহ আইনখনৰ আওতাত থাকিব।