December 27, 2024 11:11 AM

views 12

আফ্রিকাৰ মুজাম্বিকৰ ৰাজধানী মাপুট’ৰ এখন জে’লৰ পৰা বৰদিনৰ দিনা পলাবলৈ চেষ্টা কৰা ৬ হাজাৰ কয়দীৰ ৩৩জনৰ মৃত্যু

আফ্রিকা মহাদেশৰ অন্তৰ্গত মুজাম্বিকৰ ৰাজধানী মাপুট’ত উচ্চ সুৰক্ষা সম্পন্ন এখন জে'লৰ পৰা বৰদিনৰ দিনা কমেও ৬ হাজাৰ কয়দীয়ে পলাবলৈ কৰা চেষ্টাত ৩৩ জন কয়দীৰ মৃত্যু হোৱাৰ লগতে আন ১৫ জন গুৰুতৰভাৱে আহত হয়। দেশখনত শেহতীয়াকৈ নিৰ্বাচনী ফলাফলৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাৰ মাজতে এই ঘটনা সংঘটিত হয়। জে'লৰ পৰা পলাবলৈ চেষ্টা কৰা কয়দীসকলৰ নিৰাপত্তা বাহিনীৰ সৈতে হোৱা হতাহতিৰ ফলতে ৩৩ জনকৈ কয়দীৰ মৃত্যু হয় বুলি দেশখনৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে। মুজাম্বিকৰ উচ্চ ন্যায়ালয়ে ১৯৭৫ চনৰ পৰা শাসনত থকা ফ্...