October 12, 2025 11:16 AM

views 48

আফগানিস্তানৰ বৈদেশিক মন্ত্রী মাওলাওৱী তামিৰ খান মুত্তাকিয়ে আগ্ৰাৰ বিশ্ব বিখ্যাত তাজমহল দৰ্শন কৰিব

এসপ্তাহজোৰা ভাৰত ভ্ৰমণত থকা আফগানিস্তানৰ বৈদেশিক মন্ত্রী মাওলাওৱী তামিৰ খান মুত্তাকিয়ে আজি আগ্ৰাৰ বিশ্ব বিখ্যাত তাজমহল দৰ্শন কৰিব। ইয়াৰ পিছতে নতুন দিল্লীত চেম্বাৰ অব কমার্চে আয়োজন কৰা এখন বিশেষ বৈঠকত উদ্যোগ আৰু বাণিজ্যিক প্ৰতিনিধিৰ সৈতে মিলিত হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ সৈতেও মুত্তাকি বৈঠকত মিলিত হোৱাৰ কথা আছে। এই বৈঠকত আফগানিস্তানৰ ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায়ীসকলৰ নিৰাপত্তাকে ধৰি আন আন বিষয়সমূহৰ আলোচনা হোৱাৰ সম্ভাৱনা আছে।