September 10, 2025 12:04 PM September 10, 2025 12:04 PM
13
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ উদ্বোধনী খেলত হংকঙক ৯৪ ৰানত পৰাস্ত আফগানিস্তানৰ
আবু ধাবিত অনুষ্ঠিত এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ উদ্বোধনী খেলখনত যোৱা নিশা আফগানিস্তানে হংকঙক ৯৪ ৰানত পৰাস্ত কৰে। গ্ৰুপ-বিৰ এই খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ আফগানিস্তানে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৮৮ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ছেদিকুল্লাহ অটলে ৭৩ ৰান কৰে। আজমতুল্লাহ ওমৰজায়ে ২০টা বলত অৰ্ধশতক অৰ্জন কৰে। খেলুৱৈগৰাকীয়ে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আফগানিস্তানৰ হৈ আটাইতকৈ কম বলত অৰ্ধশতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়। প্ৰত্যুত্তৰত হংকঙে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ৯...