June 10, 2026 2:51 PM

views 23

আফগানিস্তানৰ কুনাৰ, খোষ্ট আৰু পাকটিকা প্ৰদেশত পাকিস্তানী সামৰিক বিমান আক্ৰমণত ১৩ জন লোকৰ মৃত্যু

আফগানিস্তানৰ কুনাৰ, খোষ্ট আৰু পাকটিকা প্ৰদেশত পাকিস্তানী সামৰিক বিমান আক্ৰমণত কমেও ১৩ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত অধিকাংশ শিশু বুলি জানিব পৰা গৈছে। এটা বিবৃতিত তালিবানৰ মুখপাত্র জাবিহুল্লাহ মুজাহিদে এই আক্ৰমণৰ গৰিহণা দিয়ে। তেওঁ পাকিস্তানী সেনাই পুনৰ আফগানিস্তানৰ আকাশমার্গত অবৈধভাৱে প্ৰৱেশ কৰি কৰা এই আক্রমণ অমানৱীয় আৰু অপৰাধী কাৰ্যকলাপ বুলি মন্তব্য কৰে। বিগত কেইমাহমান ধৰি পাকিস্তান আৰু আফগানিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগতে গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈ থকাৰ ফলত জনজীৱন বিপর্যস্ত হৈছে। ...

March 17, 2025 1:38 PM

views 46

আমেৰিকালৈ পাকিস্তান, আফগানিস্তান, ৰাছিয়াকে ধৰি ৪৩খন দেশৰ নাগৰিকৰ যাত্ৰাত নিষেধাজ্ঞাৰ প্ৰস্তুতি ড’নাল্ড ট্রাম্প চৰকাৰৰ

ড’নাল্ড ট্রাম্প চৰকাৰে আমেৰিকালৈ পাকিস্তান, আফগানিস্তান আৰু ৰাছিয়াকে ধৰি ৪৩খন দেশৰ নাগৰিক যাত্ৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তুতি চলাইছে। নিৰাপত্তা বিষয়াসকলৰ পৰামৰ্শৰ ভিত্তিত ইতিমধ্যে এখন খচৰা তালিকা সাজু কৰি উলিওৱা হৈছে, য'ত দেশসমূহক ৰেড, অৰেঞ্জ আৰু য়েল্লো এই তিনিটা শাখাত বিভক্ত কৰা হৈছে। তালিকাৰ ৰেড শাখাত অন্তৰ্ভুক্ত হোৱা দেশৰ লোকসকলক আমেৰিকাত প্ৰৱেশৰ ক্ষেত্ৰত সম্পূর্ণ নিষেধাজ্ঞা আৰোপ কৰা হ'ব আৰু সেই লোকসকলৰ ভিছাও প্ৰত্যাহাৰ কৰা হ'ব পাৰে। আফগানিস্তান, ভূটান, কিউবা, ইৰান, লিবিয়া, উত...