May 11, 2024 11:14 AM May 11, 2024 11:14 AM

views 10

আফগানিস্তানত আকস্মিক বানত কমেও ৫০জন লোকৰ মৃত্যু

আফগানিস্তানত হোৱা আকস্মিক বানৰ ফলত কমেও ৫০জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০জনতকৈ অধিক লোক আহত হৈছে। দেশখনৰ চৰকাৰী বিষয়াসকলে জনোৱা মতে, বাঘলন প্ৰদেশত হোৱা প্ৰবল বৰষুণৰ বাবে ৫খনকৈ জিলা ক্ষতিগ্ৰস্ত হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ প্রশমন বিভাগৰ বিষয়া এদয়াতুল্লা হামর্দাডে কয় যে, বানত আবদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰকাৰ্য ক্ষিপ্ৰতাৰে আৰম্ভ কৰা হৈছে যদিও বহু লোক এতিয়াও সন্ধানহীন হৈ থকাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি হ'ব পাৰে। এতিয়ালৈকে শতাধিক লোকক উদ্ধাৰ কৰা হৈছে যদিও আৰু বহু লোক বানত আবদ্ধ হৈ আছে। উল্লেখযোগ্য যে, ...