December 4, 2025 7:59 PM

views 26

আফগানিস্তানত ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ প্ৰাদুৰ্ভাৱ ৰোধৰ উদ্দেশ্যে দেশখনলৈ প্ৰয়োজনীয় স্বাস্থ্য যতন সাহায্য ভাৰতৰ

আফগানিস্তানত ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাত সহায় কৰাৰ উদ্দেশ্যে ভাৰতে দেশখনলৈ প্ৰয়োজনীয় স্বাস্থ্য যতন সাহায্য আগবঢ়াইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে আজি কয় যে ভাৰতে কাবুললৈ ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ ৬৩ হাজাৰ ৭০০ৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰিছে। শ্ৰীজয়ছোৱালে সামাজিক মাধ্যমযোগে কয় যে আফগানিস্তানৰ জনস্বাস্থ্য ব্যৱস্থালৈ সহায় আগবঢ়াবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ পূৰ্বে যোৱা ২৮ নৱেম্বৰত ভাৰতে আফগানিস্তানৰ তাৎক্ষণিক চিকিৎসা আৱশ্যকতা পূৰণৰ ...

October 17, 2025 12:57 PM

views 36

আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতিক কঠোৰভাৱে নিৰীক্ষণ ভাৰতৰ

● ভাৰতে আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতিক কঠোৰভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে নতুন দিল্লীত কালি সাংবাদিকৰ আগত কয়, যে পাকিস্তানে সন্ত্রাসবাদী সংগঠন আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পোষকতা কৰাতো স্পষ্ট হৈ পৰিছে। আভ্যন্তৰীন বিফলতাৰ বাবে নিজৰ চুবুৰীয়া ৰাষ্ট্ৰক দোষাৰোপ কৰাটো পাকিস্তানৰ পুৰণি অভ্যাস বুলি মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে আফগানিস্তানে নিজৰ ঠাইসমূহত সাৰ্বভৌমত্ব বিচৰাৰ কাৰ্যত পাকিস্তান অসন্তুষ্ট...

September 2, 2025 8:37 PM

views 52

আফগানিস্তানৰ পূব প্ৰান্তত হোৱা ভূইকঁপত ১,১২৪ লৈ বৃদ্ধি

আফগানিস্তানৰ পূব প্ৰান্তত দেওবাৰে অহা ৬ প্ৰাৱল্যৰ ভূইকঁপৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এহেজাৰ ১২৪লৈ বৃদ্ধি পাইছে আৰু ৩ হাজাৰ ২৫১ জন লোক আহত হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, ভূঁইকঁপৰ ফলত ৮ হাজাৰৰো অধিক বাসগৃহ সম্পূৰ্ণৰূপে বা আংশিকভাৱে ধ্বংস হৈছে। ইয়াৰে অধিকাংশ বাসগৃহ কুনাৰ প্ৰদেশৰ। সাহায্য আৰু উদ্ধাৰকাৰী দলে ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰ কৰাৰ বাবে কাম কৰি আছে। হতাহত লোকৰ তথ্য এতিয়ালৈকে চূড়ান্তভাৱে প্ৰকাশ কৰা হোৱা নাই ।