February 13, 2025 9:06 PM

views 11

২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া ঝুমুৰ নৃত্যৰ প্রস্তুতি সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পিযুষ হাজৰিকা, ৰণজিৎ কুমাৰ দাসৰ বৈঠক

এডভাণ্টেজ আছাম সন্মিলনৰ অংশ হিচাপে ২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ‍ অনুষ্ঠানৰ ঝুমইৰ বিনন্দিনী প্রস্তুতি সন্দৰ্ভত আলোচনা কৰিবলৈ আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পিযুষ হাজৰিকা আৰু ৰণজিৎ কুমাৰ দাসে বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত এই বৈঠকত অনুষ্ঠানটো নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সকলো ব্যৱস্থা সুনিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হয়।