February 27, 2025 7:44 PM
14
এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সফল সামৰণি
এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সফল সামৰণিৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি ভালেকেইগৰাকী বিশিষ্ট অতিথিৰ সৈতে আলোচনাত মিলিত হয়। ড০ শৰ্মাই আজি পুৱাৰ ভাগত ভূটানৰ কৃষি আৰু পশুপালন মন্ত্রী ইউনটেন ফুণ্টশ্ব’ৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে। দুয়োগৰাকী নেতাই কৃষি, বাণিজ্য, পর্যটন, শিক্ষা আৰু শক্তিখণ্ডত অধিক উন্নয়নৰ বাবে অসম আৰু ভূটানৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে বিশ্ববেংক, ভাৰতৰ সঞ্চালক ড০ অগষ্টে তানু কৌয়ামেৰ সৈতে বৈঠকত মিলিত হয়। ব...