February 16, 2025 11:51 AM

views 23

অসমৰ ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীৰ জাপানত চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰত্যাশা

অসমৰ ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে জাপানত চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি সমাগত এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেলত প্ৰকাশ কৰি কয়, যে এই সন্মিলনতে অসম চৰকাৰে জাপান আৰু ছিংগাপুৰৰ বিভিন্ন ব্যৱসায়িক সংস্থাৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। এই অনুসৰি জাপানে অসমত এটা ভাষা কেন্দ্র স্থাপন কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই কেন্দ্ৰটোত ৯ মাহৰ বাবে প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হ'ব...

February 14, 2025 7:31 PM

views 114

ছিংগাপুৰ ভ্ৰমণ অত্যন্ত আশাব্যঞ্জক আৰু ফলপ্ৰসূ বুলি প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ ভিত্তিক কাৰ্যসূচীৰ অংশ হিচাপে ছিংগাপুৰ ভ্ৰমণ অত্যন্ত আশাব্যঞ্জক আৰু ফলপ্ৰসূ আছিল বুলি উল্লেখ কৰিছে। এই শীৰ্ষ সন্মিলনৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ছিংগাপুৰৰ কোম্পানীসমূহৰ অসমৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ জড়িয়তে নিয়োগ আৰু সুযোগ সৃষ্টি কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস কৰিছে বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকী ছিংগাপুৰ ভ্ৰমণ সামৰি আজি গুৱাহাটীত উপস্থিত হয়।

February 14, 2025 6:45 PM

views 24

বিদেশী বিনিয়োগকাৰীৰ সমান্তৰালকৈ থলুৱা উদ্যোগীকো সমানে গুৰুত্ব দিয়া হ’বঃ বিমল বৰা

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিনিয়োগকাৰীক আদৰিবলৈ ৰাজ্য চৰকাৰ সাজু হৈছে। উদ্যোগ মন্ত্ৰী বিমল বৰাই জনোৱা অনুসৰি বিদেশী বিনিযোগকাৰীক বিমান বন্দৰৰ পৰা বিভিন্ন জনগোষ্ঠীৰ নৃত্যৰে আদৰণি জনোৱা হ'ব। বিদেশী বিনিয়োগকাৰীৰ সমান্তৰালকৈ থলুৱা উদ্যোগীকো সমানে গুৰুত্ব দিব বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে। থলুৱা বিনিয়োগকাৰীয়ে ৰাজ্য চৰকাৰৰ সৈতে ৫ লাখ টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে ক্ষুদ্র উদ্যোগীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ যথেষ্ট সঁহাৰি লাভ কৰা বু...

February 12, 2025 5:03 PM

views 19

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে পূর্ণগতিত প্রস্তুতি অব্যাহত

অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে পূর্ণগতিত প্রস্তুতি অব্যাহত আছে। এই সন্মিলনৰ অংশহিচাপে অহা ২৪ ফেব্ৰুৱাৰীত সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজিত ঝুমুইৰ বিনন্দিনী কাৰ্যসূচীত ৰাজ্যখনৰ ৮ হাজাৰতকৈ অধিক চাহ বাগিচাৰ শিল্পীয়ে অংশগ্রহণ কৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও এই অনুষ্ঠানত উপস্থিত থকাৰ কথা। বিভিন্ন জিলাত ইতিমধ্যে শিল্পীসকলক বাছনি ক...

February 12, 2025 3:51 PM

views 32

ছিংগাপুৰৰ উপ-প্রধানমন্ত্ৰী তথা বাণিজ্য আৰু উদ্যোগ মন্ত্রী এইচ ই গান কীম ইয়ঙক মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ

বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্য ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দেশখনৰ উপ প্রধানমন্ত্ৰী তথা বাণিজ্য আৰু উদ্যোগ মন্ত্রী এইচ ই গান কীম ইয়ঙক সাক্ষাৎ কৰে। সাক্ষাৎ কালত ড০ শৰ্মাই জ্ঞান আধাৰিত অৰ্থব্যৱস্থা, ছেমি কনডাক্টৰ, দক্ষতা বিকাশ, সেউজ শক্তি ক্ষেত্ৰত অধিক সহযোগিতাৰে ভাৰত-আছিয়ান সর্বাত্মক কৌশলগত সহযোগিতাৰ কেন্দ্ৰ বিন্দু ৰূপে পৰিগণিত হোৱাৰ বাবে অসমে চলোৱা প্ৰচেষ্টাৰ বিষয়ে আলোকপাত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ল...

February 12, 2025 10:52 AM

views 22

ছেমিকণ্ডাক্টৰ আৰু উদ্যোগ খণ্ডত ছিংগাপুৰৰ অংশীদাৰিত্বই ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য খণ্ডক অধিক সমৃদ্ধ কৰিব: মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে কালি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছানমুগাৰত্নম, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণণ, ছিংগাপুৰ আই টি ই শিক্ষা সেৱাৰ মুখ্য কাৰ্যবাহী বিষয়া সুৰেশ নটৰাজন, সুবানা জুৰঙৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ এক আৰু ছেমিকণ্ডাক্টৰ উদ্যোগৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰে। ড০ শৰ্মাই তেওঁলোকৰ সৈতে নগৰ পৰিকল্পনাৰে ৰাজ্যত চহৰ আৰু ঔদ্যোগিক উদ্যান নির্মাণ,...

February 11, 2025 2:16 PM

views 20

Advantage Assam 2.0: ছিংগাপুৰত চুৰবানা জুৰঙ উদ্যোগৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ একৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ছিংগাপুৰ ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দেশখনৰ চুৰবানা জুৰঙ উদ্যোগৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ একৰ সৈতে আলোচনাত মিলিত হয়। ড০ শর্মাই বিষয়াগৰাকীৰ সৈতে অনাগত দিনত অসমক নগৰ উন্নয়নৰ লক্ষ্যৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগিতামূলক প্রচেষ্টা সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই ছিংগাপুৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ নেতাসকলৰ সৈতে ফলপ্রসূ আলোচনাত মিলিত হয়। মুখ্যমন্ত্রীয়ে উদ্যোগপতিসকলক জাগীৰ...

February 11, 2025 11:07 AM

views 24

গুৱাহাটীত শোভাযাত্রা, সমদল আদি নিষিদ্ধ ঘোষণা

এডভান্টেজ আছাম শীর্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আইন-শৃংখলা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। এই সন্মিলনৰ বাবে আৰক্ষীয়ে গুৱাহাটীত শোভাযাত্রা, সমদল আদি নিষিদ্ধ ঘোষণা কৰিছে। মহানগৰ আৰক্ষীয়ে কালি এটা নির্দেশ যোগে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এনেধৰণৰ শোভাযাত্রা, সমদলকে ধৰি সমূহীয়া কাৰ্যসূচীৰ ফলত মহানগৰীত ভীষণ যান-জটৰ সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সন্মিলনৰ পূৰ্বে এনেধৰণৰ কাৰ্যসূচী নিষিদ্ধ কৰা হৈছে। উল্লেখযোগ্য যে কালি কেইবাগৰাকীও মন্ত্ৰীয়ে পর্যালোচনা বৈঠকত অংশ লৈ ৰা...

February 11, 2025 11:11 AM

views 19

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ; ছিংগাপুৰত উপস্থিত মুখ্যমন্ত্ৰী

■ এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা যোৱা নিশা ছিংগাপুৰত উপস্থিত হয়। ছিংগাপুৰত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীক ভাৰতৰ উচ্চায়ুক্ত ড০ শিল্পক আম্বুলেই আদৰণি জনায়। এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছিংগাপুৰ চৰকাৰ আৰু দেশখনৰ উদ্যোগপতিসকলৰ সৈতে আলোচনাত মিলিত হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ৰোড শ্ব’তো অংশগ্ৰহণ কৰাৰ লগতে বাণিজ্যিক সহযোগিতা আৰু বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ প্ৰতিষ্ঠিত উদ্যোগপতিসকলৰ সৈতে কেইবাখনো ...

February 10, 2025 8:03 PM

views 21

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি অব্যাহত

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। আজি কেইবাগৰাকীও মন্ত্ৰীয়ে এই সন্মিলন সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই আজি গুৱাহাটীত জনতাভৱনৰ কাৰ্যালয় কক্ষত সন্মিলনৰ আদৰণি সমিতি, নীতি নিৰ্ধাৰণ আৰু যাতায়ত ব্যৱস্থাপনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে এই সন্মিলনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। আজিৰ এই বৈঠকত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবৰ উপৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। মন্ত্রী পীযূষ হাজৰিকাই আজি এই সন্মিলনৰ অংশ হিচাপে ...