February 26, 2025 12:33 PM
31
বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভাণ্টেজ আছামৰ দ্বিতীয় দিনা কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভাণ্টেজ আছামৰ আজি দ্বিতীয় দিনা কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ৰাজ্য চৰকাৰ আৰু ষ্টাৰ চিমেণ্ট লিমিটেডৰ মাজত সম্পাদিত চুক্তি অনুযায়ী কোম্পানীটোৰ অধীনৰ ষ্টাৰ চিমেণ্ট নৰ্থ-ইষ্ট লিমিটেডে ৩,২০০ কোটি টকা বিনিয়োগেৰে অসমত চিমেণ্ট ক্লিংকাৰ আৰু গুড়ি কৰা প্ৰকল্প স্থাপন কৰিব। একেদৰে ৰাজ্য চৰকাৰ আৰু গ্ল’বেল হেল্থ লিমিটেড মেডান্তাই আজি ৫০০ কোটি টকা ব্যয়েৰে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে এখন অত্যাধুনিক মাল্টিস্প...