February 26, 2025 7:52 PM

views 15

এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে বিভিন্ন জিলাত প্রশাসনৰ কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ

এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে আজিও বিভিন্ন জিলাত প্রশাসনে কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। গোলাঘাট জিলাত আজি প্ৰশাসনে বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ সৈতে ৩৪২খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। জিলাখনত ১৬৭ কোটি ২৫ লাখ টকা বিনিয়োগ কৰা হ'ব। আজি ৮৯ লাখ টকাৰ তিনিটা বিত্তীয় অনুমোদন মঞ্জুৰ কৰা হৈছে। আজি জিলা আয়ুক্তৰ উপস্থিতিত নিবনুৱা সংস্থাপন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, সাঁচি গছৰ খেতি, মীন পালনকে ধৰি কেইবাটাও খণ্ডৰ বাবে এই চুক্তিসমূহ স্বাক্ষৰিত হয়। এই অনুষ্ঠানতে জিলা আয়ুক্তই মুখ্যমন্ত্...