May 25, 2025 10:26 AM May 25, 2025 10:26 AM

views 5

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাগৰাকী আগশাৰীৰ উদ্যোগপতিক সাক্ষাৎ কৰি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত সম্পাদিত চুক্তিসমূহ কাৰ্যকৰী কৰিবলৈ আহ্বান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাগৰাকী আগশাৰীৰ উদ্যোগপতিক সাক্ষাৎ কৰি যোৱা ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত সম্পাদিত চুক্তিসমূহ কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সন্ধিয়া নতুন দিল্লীত প্ৰথমে বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালা আৰু পাছত আই টি চি হোটেলৰ পৰিচালন সঞ্চালক অনিল ছদ্ধাক সাক্ষাৎ কৰে। বিনিয়োগ সন্মিলনত বিভিন্ন কোম্পানীয়ে দিয়া প্রতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰাৰ পৰৱৰ্তী পদক্ষেপৰূপে মুখ্যমন্ত্ৰীগৰাকী...

May 18, 2025 11:40 AM May 18, 2025 11:40 AM

views 13

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীসকলৰ মাজত চুক্তিপত্র বিনিময় অনুষ্ঠান

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে ভিন্ন কাৰ্যসূচী হাতত লৈছে। ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীসকলৰ মাজত চুক্তিপত্র বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি শক্তি বিভাগত যুটীয়া পদক্ষেপৰ উদ্বোধন আৰু ভূমি আৱণ্টন কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীসকলৰ মাজত ২২,৮৯৯ কোটি টকাৰ চুক্তিৰ বিনিময় সম্পন্ন হ'ব। এই বিনিয়োগৰ দ্বাৰা ৰাজ্যত প্ৰায় ছহেজাৰ নতুন নিয়োগ সৃষ্ট...

March 2, 2025 12:23 PM March 2, 2025 12:23 PM

views 8

এডভান্টেজ আছামৰ অংশ হিচাপে গুৱাহাটীৰ খানাপাৰাত আয়োজিত প্রদর্শনীৰ সামৰণি

এডভান্টেজ আছামৰ অংশ হিচাপে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত প্রদর্শনীখনৰ কালি সামৰণি পৰে। সন্মিলনৰ সামৰণিৰ পাছত ৰাইজৰ বাবে মুকলি কৰি দিয়া এই প্রদর্শনীত দেশৰ কেইবাটাও আগশাৰীৰ উদ্যোগ প্ৰতিষ্ঠানৰ লগতে ৰাজ্যৰ থলুৱা ষ্টার্টআপ আৰু উদ্যোগ  প্রতিষ্ঠানসমূহৰ উৎপাদিত সামগ্ৰী আৰু কৌশলসমূহ প্ৰদৰ্শন কৰা হয় । তদুপৰি থলুৱা উদ্যোগসমূহে কিদৰে উদ্ভাৱনী চিন্তা-চৰ্চাৰে আগবাঢ়িব পাৰে এই বিষয়েও প্রদর্শনীখনত বিভিন্ন প্ৰতিষ্ঠানৰ দক্ষ ব্যক্তিসকলে ৰাইজক অৱগত কৰে। প্ৰদৰ্শনীখনৰ প্রাইড অৱ আছাম...

February 28, 2025 1:17 PM February 28, 2025 1:17 PM

views 11

অহা ২-৩ মাহলৈ ৰাজ্যলৈ নতুন নতুন বিনিয়োগৰ প্ৰস্তাৱ আহিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সামৰণিৰ অন্তত অহা ২-৩ মাহলৈ ৰাজ্যলৈ নতুন নতুন বিনিয়োগৰ প্ৰস্তাৱ আহিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেল পথাৰত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনীৰ বীথিকাসমূহ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এইদৰে প্ৰকাশ কৰে। প্ৰদৰ্শনীখনৰ ‘অসম-অতীত, বৰ্তমান আৰু ভৱিষ্যত' শীৰ্ষক পেভেলিয়নত অংশগ্ৰহণ কৰা বীথিকা সমূহ পৰিদৰ্শন কৰি তেওঁ কয়, যে ৰাজ্যখনত ষ্টার্টআপ খণ্ডত শ...

February 27, 2025 4:32 PM February 27, 2025 4:32 PM

views 3

এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণত ৩৫ খন জিলাত মুঠ ৫ হাজাৰ ৮৫১ কোটি টকাৰ বুজাবুজিব চুক্তি স্বাক্ষৰ

এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণত অসমৰ ৩৫ খন জিলাত মুঠ ৫ হাজাৰ ৮৫১ কোটি টকাৰ বুজাবুজিব চুক্তি স্বাক্ষৰ কৰা হৈছে। গোলাঘাট জিলাত কালি প্রশাসনে বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ সৈতে ৩৪২ খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। জিলাখনত ১৬৭ কোটি ২৫ লাখ টকা বিনিয়োগ কৰা হ'ব। কালি ইয়াৰে ৮৯ লাখ টকাৰ তিনিটা বিত্তীয় অনুমোদন মঞ্জুৰ কৰা হয়। কালি জিলা আয়ুক্তৰ উপস্থিতিত নিবনুৱা সংস্থাপন, হস্ততাঁত আৰু বস্ত্রশিল্প, সাঁচি গছৰ খেতি, মীন পালনকে ধৰি কেইবাটাও খণ্ডৰ বাবে এই চুক্তিসমূহ স্বাক্ষৰিত হয়। এই অনুষ্ঠা...

February 27, 2025 4:29 PM February 27, 2025 4:29 PM

views 11

৪.৫০ লাখ কোটিৰো অধিক টকাৰ ২৭০ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰেৰে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সামৰণি

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ কালি সামৰণি পৰে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এডভান্টেজ আছামব প্রদর্শনী আজিৰে পৰা সাধাৰণ দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছে। এই বিনিয়োগ সন্মিলনত সৰ্বমুঠ চাৰে ৪ লাখ কোটি টকাতকৈ অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা বুলি সন্মিলনৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। ইয়াৰে আঢ়ৈ লাখ কোটি টকা ব্যয় সাপেক্ষ প্রায় ২৭০ খন বুজাবুজিৰ চুক্তি ইতিমধ্যে স্বাক্ষৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে। কেন্দ্ৰীয় আৰ...

February 27, 2025 3:31 PM February 27, 2025 3:31 PM

views 2

দেশ ইতিমধ্যে ১৯.৬ শতাংশ ইথানল মিহলিৰ লক্ষ্যত উপনীত হৈছেঃ হৰদীপ সিং পুৰী

ভাৰতে পেট্ৰ'লৰ সৈতে মিহলি কৰা ইথানলৰ পৰিমাণ ২০ শতাংশতকৈও অধিক কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাত কালি সামৰণি পৰা বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশ ইতিমধ্যে ১৯.৬ শতাংশ ইথানল মিহলিৰ লক্ষ্যত উপনীত হৈছে। তেওঁ উন্নয়নমূলক প্ৰত্যাহ্বান সত্বেও দেশৰ জীৱাশ্ম ইন্ধন কোম্পানীসমূহে ২০৪৫ চনৰ ভিতৰত শূন্য কার্বন নিস্কাষণৰ লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা ...

February 26, 2025 8:05 PM February 26, 2025 8:05 PM

views 3

দ্বিতীয় এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে অহা দেশী-বিদেশী বিনিয়োগকাৰীসকলৰ অসমৰ বিভিন্ন স্থান পৰিদৰ্শন

দ্বিতীয় এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে অহা দেশী-বিদেশী বিনিয়োগকাৰীসকলে অসমৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিছে। ছিংগাপুৰৰ ৰাষ্ট্রদূত আৰু উচ্চ পদস্থ ব্যৱসায়িক প্ৰতিনিধিৰ এটা দলে আজি মৰিগাঁও জিলাৰ জাগীৰোডত নির্মীয়মান টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। ইয়াৰ পূৰ্বে মালয়েছিয়া, দক্ষিণ কোৰিয়া আৰু টাইৱানৰ প্ৰতিনিধিসকলেও এই প্রকল্প পৰিদৰ্শন কৰে। দক্ষিণ কোৰিয়াৰ প্ৰতিনিধিৰ এটা দলে আজি পবিতৰা অভয়াৰণ্যত হাতী ছাফাৰী কৰে। বিদেশৰ প্ৰতিনিধি দলসমূহে শুৱালকুছিৰ বস্ত্ৰ শিল্প পৰিদৰ্শন কৰাৰ উ...

February 26, 2025 7:40 PM February 26, 2025 7:40 PM

views 8

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসমত সামুদ্রিক উৎকর্ষ কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি

বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ আজি দ্বিতীয় দিনাও কেইবাটাও দেশী- বিদেশী ঔদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে ৰাজ্য চৰকাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ৰাজ্য চৰকাৰ আৰু ষ্টাৰ চিমেণ্ট লিমিটেডৰ মাজত সম্পাদিত চুক্তি অনুযায়ী কোম্পানীটোৰ অধীনৰ ষ্টাৰ চিমেণ্ট নৰ্থ-ইষ্ট লিমিটেডে ৩,২০০ কোটি টকা বিনিয়োগেৰে অসমত চিমেণ্ট ক্লিংকাৰ আৰু গুড়ি কৰা প্ৰকল্প স্থাপন কৰিব। একেদৰে ৰাজ্য চৰকাৰ আৰু গ্ল’বেল হেল্থ লিমিটেড মেডান্তাই আজি ৫০০ কোটি টকা ব্যয়েৰে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে এখন অত্যাধুনিক মাল্টিস্পেচি...

February 26, 2025 6:36 PM February 26, 2025 6:36 PM

views 19

অসমে শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সুকীয়া ধাৰা প্ৰৱৰ্তন কৰিছে আৰু অনাগত সময়ত এই খণ্ডত ৰাজ্যখনৰ ভূমিকা বৃদ্ধি পাব বুলি কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰকাশ

অসমে শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সুকীয়া ধাৰা প্ৰৱৰ্তন কৰিছে আৰু অনাগত সময়ত এই খণ্ডত ৰাজ্যখনৰ ভূমিকা বৃদ্ধি পাব বুলি কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভান্টেজ আছামৰ  আজি দ্বিতীয় দিনা অসমৰ শক্তি সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ : ভৱিষ্যতৰ বাবে প্ৰস্তুত তেল আৰু গেছ আন্তঃগাঁথনি নিৰ্মাণ, উদ্ভাৱন আৰু বিনিয়োগ সম্পৰ্কীয় বিষয়ভিত্তিক সত্ৰত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ ক...