October 13, 2025 1:09 PM

views 49

অহা ১৫ অক্টোবৰত এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল ঘোষণা

 অহা ১৫ অক্টোবৰত এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰি কয়, যে সেইদিনা দিনৰ চাৰে ১০ বজাত সংশ্লিষ্ট ৱেবচাইটত প্রার্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে ১৫ৰ পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্রকাশ কৰে। অক্টোবৰৰ ভিতৰত ৩৫ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে অনাগত পাঁচ বছৰতো ৰাজ্যৰ বিভিন্ন চৰকাৰী ব...

March 7, 2025 11:03 AM

views 27

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল যোৱানিশা ঘোষণা

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল কালি নিশা ১২ বজাৰ পাছতে ঘোষণা কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ সচিবে জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in যোগে নিজৰ ফলাফলসমূহ চাব পাৰিব। ১২ মাৰ্চত অসম আৰক্ষীৰ কনিষ্টবল পদৰ আৰু ২৭ মাৰ্চত অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ কনিষ্টবলৰ বাবে হোৱা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব।