September 15, 2024 11:24 AM September 15, 2024 11:24 AM
10
ৰাজ্যৰ ভিন ভিন জিলাত তৃতীয় বৰ্গৰ পদৰ বাবে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা আৰম্ভ
ৰাজ্যৰ ভিন ভিন জিলাত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰীক্ষাৰ বাবে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা ইতিমধ্যে আৰম্ভ হৈছে। ৰাজ্যৰ মুঠ ২৩০৫ টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত ১১,২৩ ২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। এই নিযুক্তি পৰীক্ষাৰ বাবে প্ৰতিখন জিলা প্রশাসনে কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আইন শৃংখলাৰ দিশটোতো গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ হৈ অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাই আয়োজন কৰা এই পৰীক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়াটোক কোনো অসাধু চক্রই কোনো ধৰণে অস্থিৰ কৰি তোলাটোক প্রতিহত কৰাৰ উদ্দে...