October 26, 2024 7:54 PM

views 34

কাইলৈ ৰাজ্যৰ ২৮ খন জিলাত ৪২টা বিভাগৰ চতুৰ্থ বৰ্গৰ মুঠ ৫ হাজাৰ ২৩টা খালী পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত কাইলৈ হ'বলগীয়া চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা নিকাভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। লিখিত পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ ৰখা হ'ব। ৰাজ্যত গৃহ আৰু ৰাজনৈতিক বিভাগৰ হৈ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে এটা বিবৃতিযোগে এই কথা সদৰি কৰাৰ লগতে সকলোকে যুৱপ্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। চৰকাৰৰ নিৰ্দেশনা ভংগ কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ ২০২৩ ধাৰা ...

October 14, 2024 6:47 PM

views 23

চতুৰ্থ বৰ্গৰ পদসমূহৰ পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলে কাইলৈৰ পৰা প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনত হ'বলগীয়া চতুৰ্থ বৰ্গৰ পদসমূহৰ পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলে কাইলৈৰ পৰা প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ইতিমধ্যে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in ৰ পৰা ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে, অহা ২৭ অক্টোবৰত চতুৰ্থবৰ্গৰ পদসমূহৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। সেইদিনা পুৱা ৯ বজাৰ পৰা ১১.৩০ বজালৈ আই টি আই উত্তীর...

September 29, 2024 7:09 PM

views 34

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গ আৰু চালক পদৰ বাবে শান্তিপূর্ণভাৱে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত

ৰাজ্যৰ কেইবাখনো জিলাত আজি স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰে এই পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰা লগতে পৰীক্ষা প্ৰক্ৰিয়াত অসাধু উপায় অৱলম্বন কৰাটো ৰোধ কৰাৰ বাবে পৰীক্ষা চলি থকা সময়ছোৱাত সমগ্র ৰাজ্যখনতে পুৱা চাৰে আঠ বজাৰ পৰা বিয়লি চাৰে চাৰি বজালৈ মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰে। উল্লেখযোগ্য যে আজি পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হয়। আনহাত...

September 29, 2024 11:24 AM

views 24

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত

ৰাজ্যৰ কেইবাখনো জিলাত আজি অনুষ্ঠিত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত মুঠ ৭ লাখ ৩৪ হাজাৰ ৮০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছে। ৰাজ্য চৰকাৰে এই পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লগতে পৰীক্ষা প্ৰক্ৰিয়াত অসাধু উপায় অৱলম্বন কৰাটো ৰোধ কৰাৰ বাবে পৰীক্ষা চলি থকা সময়ছোৱাত সমগ্ৰ ৰাজ্যখনতে পুৱা চাৰে আঠ বজাৰ পৰা বিয়লি চাৰে চাৰি বজালৈ মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে। উল্লেখযোগ্য যে আজি পুৱা ৯ বজাৰ ...

September 28, 2024 7:20 PM

views 25

কাইলৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত হব। মুঠ ৭ লাখ ৩৪ হাজাৰ ৮০ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হবলগীয়া এই পৰীক্ষাৰ বাবে সকলো প্রস্তুতি সম্পূৰ্ণ হৈছে। ৰাজ্য চৰকাৰে এই পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লগতে পৰীক্ষা প্ৰক্ৰিয়াত অসাধু উপায় অৱলম্বন কৰাটো ৰোধ কৰাৰ বাবে পৰীক্ষা চলি থকা সময়ছোৱাত সমগ্ৰ ৰাজ্যখনতে পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ মোবাইল ইণ্টাৰনেট বা মোবাইল ডাটা সংযোগ ব্যাহত ৰখাৰ সিদ্ধান্ত লৈছ...

September 28, 2024 6:05 PM

views 28

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত হ’ব

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত হ’ব। কাইলৈ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব। তৃতীয় বৰ্গৰ মুঠ ৪ হেজাৰ ৫৫ টা পদৰ বাবে ৫ লাখ ২৯ হাজাৰ ৯৮৯ গৰাকী প্ৰাৰ্থী আৰু চালক পদৰ বাবে মুঠ ৮১৮ টা পদৰ পৰীক্ষাত ২ লাখ ৪ হেজাৰ ৯৯১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হব। পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ...

September 28, 2024 11:08 AM

views 24

ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ৰ প্রস্তুতি সম্পূৰ্ণ

কাইলৈ অনুষ্ঠিত হ'বলগীয়া ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ৰ প্রস্তুতি সন্দৰ্ভত যোৰহাটৰ আৱৰ্ত ভৱনত কালি এলানি বৈঠক অনুষ্ঠিত হয়। ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি বাজ্যজুৰি অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠকত অসমৰ মুখ্য সচিবে সমাগত পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লয়। তেওঁ লগতে সমগ্ৰ যোৰহাট জিলাৰ পৰীক্ষাৰ কেন্দ্ৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতেও এখন বৈঠকত মিলিত হয়। সভাত যোৰহাট জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, অতিৰিক্ত জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাক...

September 25, 2024 7:20 PM

views 25

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকললৈ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ নীতি-নিৰ্দেশনা জাৰি

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অহা ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত কৰিবলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকললৈ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত আয়োগে জাৰি কৰা জাননী অনুসৰি পৰীক্ষাকেন্দ্ৰত প্ৰৱেশৰ সময়ত আৰক্ষী বা কৰ্তৃত্বশীল ব্যক্তিৰ দ্বাৰা প্ৰাৰ্থীসকলক মেটেল ডিটেক্টৰৰ লগতে হাতেৰে তালাচী চলোৱা হ'ব। এই ক্ষেত্ৰত কোনো প্রার্থীক যদি সঠিকভাৱে তালাচী চলোৱা নহয়, তেন্তে সংশ্লিষ্ট প্রার্থীগৰাকীয়ে তাৎক্ষণিকভাৱে কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰাব পাৰিব। এডমিটকাৰ্ড, বৈধ পৰিচয়প...