January 11, 2026 8:18 PM
8
এ ডি আৰ ইত উত্তীৰ্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত কাইলৈ নিযুক্তি পত্ৰ বিতৰণ
অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা এ ডি আৰ ইত উত্তীৰ্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত কাইলৈ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। এ.ডি.আৰ.ইত উত্তীৰ্ণ তৃতীয় বৰ্গৰ ৬৩৪৭ গৰাকী প্ৰাৰ্থীক কালি সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিপত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে সদ্য নিযুক্তিপ্রাপ্ত প্রার্থীসকলক কোনো কাৰণতে দুৰ্নীতিৰ আশ্ৰয় নল'বলৈ আহ্বান জনায়। ...