January 9, 2026 7:49 PM January 9, 2026 7:49 PM

views 2

এ ডি আৰ ইত উত্তীৰ্ণ চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, এ ডি আৰ ইত উত্তীৰ্ণ ৪ হাজাৰ ৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰঞ্জিত কুমাৰ দাসকে ধৰি কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকে। এ ডি আৰ ইত উত্তীৰ্ণ ৬ হাজাৰ ৩৪৭ গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক কাইলৈ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্র...