November 8, 2024 11:47 AM

views 31

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি পূৰ্বোত্তৰ আদি মহোৎসৱ

কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামে আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত পূৰ্বোত্তৰ আদি মহোৎসৱ মুকলি কৰিব। জনজাতীয় শিল্প-সংস্কৃতি, খাদ্য আৰু পণ্য প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে জনজাতীয় পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু ট্রাইফইডে এই মহোৎসৱৰ আয়োজন কৰিছে। ৰাজ্য চৰকাৰৰ শিক্ষা তথা জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকিব। আজিৰেপৰা পৰা ১৫ নৱেম্বৰলৈ হ'বলগীয়া মহোৎসৱত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব।