January 16, 2025 5:49 PM

views 10

দুৰ্বৃত্তৰ ছুৰীৰ আঘাতত আহত হিন্দী চলচ্চিত্ৰৰ জনপ্রিয় অভিনেতা ছেঈফ আলী খান সংকটমুক্ত

আজি পুৱতি নিশা নিজ বাসগৃহত চোৰৰ ছুৰীৰ আঘাতত আহত হিন্দী চলচ্চিত্ৰ জগতৰ জনপ্রিয় অভিনেতা ছেঈফ আলী খান বর্তমান সংকটমুক্ত বুলি কোৱা হৈছে। মুম্বাইৰ লীলাৱতী হাস্পতালৰ চিকিৎসকসকলে অভিনেতাগৰাকীৰ দুটা আঘাতৰ অস্ত্ৰোপচাৰ আজি পুৱাৰ ভাগত সম্পন্ন কৰে। আজি পুৱতি নিশা প্রায় ২ বজাত এজন অচিনাক্ত লোক ছেঈফ আলী খানৰ মুম্বাইৰ বান্দ্ৰাৰ সদগুৰু চাৰণ এপাৰ্টমেণ্টৰ দ্বাদশ মহলাত থকা বাসগৃহত প্রৱেশ কৰে। এগৰাকী বনকৰা মহিলাই এই সন্দেহজনক লোকজনক দেখা পাই চিঞৰ-বাখৰ কৰে। এই চিঞৰ-বাখৰ শুনি ছেঈফ আলী খান তেওঁৰ শোৱনি কোঠাৰ পৰা ওলাই...