November 17, 2024 6:50 PM

views 14

মৰিগাঁওৰ আঁহতগুৰিত ৰজত কমল বঁটাপ্ৰাপক চলচ্চিত্ৰ পৰিচালক, অভিনেতা হেমেন দাসৰ প্রথম মৃত্যুবার্ষিকী পালন

মৰিগাঁও জিলাৰ আঁহতগুৰিত আজি ৰজত কমল বঁটাপ্ৰাপক চলচ্চিত্ৰ পৰিচালক, অভিনেতা হেমেন দাসৰ প্রথম মৃত্যুবার্ষিকী পালন কৰা হয়। এই উপলক্ষে প্রয়াত শিল্পীগৰাকীৰ আঁহতগুৰিৰ নিজা বাসভৱনত স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। এই সভাখনত কটন বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰববী অধ্যাপক ড° অকুণ্ঠিতা বৰঠাকুৰৰ সম্পাদনা আৰু গৱেষক ছাত্ৰী প্ৰিয়ম ডি জোৎস্নাৰ সহ-সম্পাদনাত প্ৰকাশ কৰা অনুক্ত শীর্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়। অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী ৰবীন ডেকা, ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্...