June 12, 2025 8:10 PM

views 22

ভ্ৰাম্যমাণ থিয়েটাৰ সৃষ্টিকর্তা অচ্যুত লহকৰৰ নৱম মৃত্যু বার্ষিকী উপলক্ষে পাঠশালাত বিশেষ কার্যসূচী

ভ্ৰাম্যমাণ থিয়েটাৰ সৃষ্টিকর্তা অচ্যুত লহকৰ আজি নৱম মৃত্যু বার্ষিকী। স্বাধীন ভাৰতৰ অন্যতম জনপ্রিয় গণমাধ্যম ভ্রাম্যমাণ থিয়েটাৰৰ জন্মদিন নাট্য জগতত অভূতপূৰ্ব কৃতিত্ব অর্জন কৰা প্ৰয়াত নাট্যব্যক্তিত্বজনৰ মৃত্যু তিথি উপলক্ষে আজি পাঠশালাত বিশেষ কার্যসূচী গ্ৰহণ কৰা হয়। আজিৰপৰা প্ৰায় ৬০বছৰ আগতে গান্ধী জয়ন্তীৰ দিনটোত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত নটৰাজ থিয়েটাৰ স্থাপন কৰি প্ৰয়াত লহকৰে ভ্ৰাম্যমান নাট্যযাত্ৰাৰ সোণালী পথৰ সূচনা কৰিছিল।

July 13, 2024 1:22 PM

views 24

অসমতো অব্যাহত সম্পূর্ণতা অভিযানৰ কাৰ্যসূচী

■ নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্রথম ৩ মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাব অধীনত প্রসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে ২০১৫ চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক...

July 4, 2024 2:57 PM

views 26

আজিৰে পৰা ৰাজ্যৰ কেইবাখনো জিলাত সম্পূর্ণতা অভিযান ৰূপায়ণ

■ অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত তথা সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত আজিৰেপৰা সম্পূর্ণতা অভিযান ৰূপায়ণ কৰা হৈছে। অসমৰ বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা,ওদালগুৰি আৰু হাইলাকান্দিকে ধৰি মুঠ ৭খন জিলা তথা ২০টা উন্নয়ন খণ্ড এলেকাক এই অভিযানে সামৰি লৈছে। উল্লেখযোগ্য যে বৰ্তমানলৈ উন্নয়নৰ সুফল নোপোৱা দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলক সামৰি কেন্দ্ৰীয় চৰকাৰে এনে অঞ্চলসমূহৰ দ্ৰুত উন্নয়নৰ লক্ষ্যৰে সম্পূৰ্ণতা অভিযান আৰম্ভ কৰিছে। নীতি আয়োগে আৰম্ভ কৰা এই অভিযান ৩০ ছেপ্তেম্বৰ পৰ্যন্ত...

June 13, 2024 11:53 AM

views 15

ৰাজ্যৰ ভিন্ন প্ৰান্তত নটৰাজ থিয়েটাৰৰ প্রযোজক অচ্যুত লহকৰক অষ্টম মৃত্যুবার্ষিকীত স্মৰণ

নটৰাজ থিয়েটাৰৰ প্রযোজক অচ্যুত লহকৰক কালি অষ্টম মৃত্যুবার্ষিকীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্মৰণ কৰা হয়। পাঠশালা প্ৰেছ ক্লাব আৰু বজালী বাৰ্তাজীৱী সংঘৰ উদ্যোগত বজালী প্রগতি সংঘৰ বাকৰিত থকা অচ্যুত লহকৰৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰা হয়। আনহাতে, ৰঙিয়াত মঞ্চ নামৰ সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ লগতে অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান সমিতিয়ে দক্ষিণ ৰঙিয়া প্ৰেছ ক্লাবত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত ২০২৪ বৰ্ষৰ অচ্যুত লহকৰ স্মাৰক বঁটাৰ বাবে নাট্যকাৰ, অভিনেতা তথা পৰিচালক হেমন্ত দত্তৰ নাম আন...