April 10, 2025 10:19 AM

views 9

মুম্বাইত ২০০৮ চনৰ সন্ত্ৰাসবাদী আক্ৰমণত অভিযুক্ত তহব্বুৰ ৰাণাৰ প্ৰত্যর্পণ মোডী চৰকাৰৰ কূটনীতিৰ বৃহৎ সফলতাঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত অভিযুক্ত তহব্বুৰ ৰাণাৰ প্ৰত্যর্পণ মোডী চৰকাৰৰ কূটনীতিৰ বৃহৎ সফলতা বুলি অভিহিত কৰিছে। কালি এটা ব্যক্তিগত টিভি চেনেলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে, ভাৰতৰ জনসাধাৰণৰ সৈতে দুৰ্ব্যৱহাৰ কৰা সকলোকে ঘূৰাই অনাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব। তেওঁ কয়, যে তহব্বুৰ ৰাণাই দেশৰ আদালতত বিচাৰৰ সন্মুখীন হোৱাটো দেশৰ বাবে বৃহৎ সাফল্য হ'ব। ৰাণাক আজি বিশেষ বিমানেৰে ভাৰতলৈ অনা হ'ব বুলি বাতৰি ওলোৱাৰ সময়তে শ্ৰীশ্বাহে কৰা এই মন্তব্য বিশেষ তাৎ...