January 20, 2025 8:02 PM

views 19

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ যুৱতী চিকিৎসকক ধৰ্ষণ-হত্যাত অভিযুক্ত সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ড

যোৱা বছৰৰ ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী যুৱতী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অপৰাধত আজি শিয়ালদহৰ এখন আদালতে অভিযুক্ত সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। শিয়ালদহৰ আদালতৰ বিচাৰক অনির্বাণ দাসে অৱশ্যে এই অপৰাধক অতিশয় বিৰল বুলি গণ্য কৰিব নোৱাৰি বুলি ৰায় দিয়ে আৰু অভিযুক্ত ৰয়ক আমৃত্যু কাৰাবাসৰ নিৰ্দেশ দিয়ে। ভাৰতীয় ন্যায় সংহিতাৰ ৬৪, ৬৬ আৰু ১০৩–এক্ট ধাৰাৰ অধীনত শনিবাৰে সঞ্জয় ৰয়ক আদালতে দোষী সাব্যস্ত কৰিছিল যদিও ৰায়দান আজিলৈ স্থগিত ৰাখিছিল। উল্লেখযোগ্য যে, দেশ কঁপোৱা এই ...