October 29, 2025 11:34 AM

views 28

দৰং জিলাৰ ছিপাঝাৰত পথ দুৰ্ঘটনাত দুজন মটৰ চাইকেল আৰোহীৰ মৃত্যু

দৰং জিলাৰ ছিপাঝাৰত কালি নিশা এটা পথ দুৰ্ঘটনাত দুজন মটৰ চাইকেল আৰোহীৰ মৃত্যু হয়। ছিপাঝাৰ সম জিলা কাৰ্যালয়ৰ সন্মুখত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত আন এজন আৰোহী আঘাতপ্রাপ্ত হয়। মঙলদৈৰ দিশৰ পৰা অহা মটৰ চাইকেলখনত বিপৰীত দিশৰ পৰা অহা এখন ট্রাকে খুন্দিওৱাৰ ফলত দুজন আৰোহীৰ থিতাতে মৃত্যু হয়। নিহত যুৱক দুজনৰ ঘৰ ছিপাঝাৰ খলিহৈ মিলন বজাৰত বুলি জানিব পৰা গৈছে।