April 29, 2024 6:34 PM

views 32

চত্তীশগড়ৰ বেমেতাৰাত পথ দুৰ্ঘটনা; ৮জন নিহত, ২১গৰাকী আহত

চত্তীশগড়ৰ বেমেতাৰা জিলাত সংঘটিত এটা পথ দুৰ্ঘটনাত ৮ গৰাকী লোক নিহত হোৱাৰ লগতে ২১ গৰাকী আহত হয়। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ৩০ গৰাকী লোকে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অন্তত ঘৰলৈ উভতি অহা অৱস্থাত বাহনখনে কাঠিয়া গাঁৱৰ সমীপত আন এখন বাহনত খুন্দা মাৰে। পাঁচগৰাকী মহিলা আৰু তিনিটি শিশুকে ধৰি ৮ গৰাকী লোকৰ ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে গুৰুতৰভাৱে আহত ৪ গৰাকী লোকক ৰায়পুৰৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰা হয়। আনহাতে অন্য কেইগৰাকী আহত লোক বেমেতাৰা জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাৰ স...