December 19, 2025 12:32 PM December 19, 2025 12:32 PM
3
কৃত্রিম বুদ্ধিমত্তাত শিক্ষাখণ্ডই প্ৰত্যাহ্বান সমাধান কৰাৰ সামৰ্থ নিহিত হৈ আছেঃ কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধান
কৃত্রিম বুদ্ধিমত্তাৰ মাজত শিক্ষাখণ্ডই প্ৰত্যাহ্বান সমাধান কৰাৰ সামৰ্থ নিহিত হৈ আছে বুলি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে মন্তব্য কৰিছে। নতুন দিল্লীত কালি শিক্ষা আৰু শিকন প্ৰক্ৰিয়াত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ সম্পৰ্কীয় উপদেষ্টা কমিটীৰ তৃতীয়লানি বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে গুণগত শিক্ষা অধিক সর্বাতক, সুলভ আৰু যুক্তিসংগত কৰি তুলিব পৰা যায়।