November 25, 2025 10:23 PM

views 24

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত গুৱাহাটী টেষ্টত ভাৰতীয় দলটো বিপর্যয়ৰ গৰাহত

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত গুৱাহাটী টেষ্টত ভাৰতীয় দলটো বিপর্যয়ৰ গৰাহত পৰিছে । চতুর্থ দিনটোত দক্ষিণ আফ্রিকাই দ্বিতীয় ইনিংছত ৫ উইকেটৰ বিনিময়ত ২৬০ ৰান সংগ্ৰহ কৰি ভাৰতক ৫৪৯ ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে। বিপৰীতে ভাৰতে চতুর্থ দিনৰ অন্তত ১৫ অভাৰ ৫টা বল খেলি দুটা উইকেট হেৰুৱাই ২৭ ৰান সংগ্ৰহ কৰে। হাতত এটা দিন আৰু ৮ উইকেট থকা অৱস্থাত ৫২২ ৰানত পিছপৰি আছে। গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্রিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত চলি থকা খেলখনত দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছত ষ্টিটান ষ্টাব্‌ছে সৰ্বাধিক ৯৪ ৰ...

November 21, 2025 8:05 PM

views 23

অসম ক্ৰিকেটৰ ৭৬ বছৰীয়া ইতিহাসত ৰাজ্যত প্ৰথমখন টেষ্ট মেচ; বৰ্ষাপাৰাত কাইলৈৰ পৰা ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট

গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্রিকেট এছ'চিয়েছনৰ ষ্টেডিয়ামত কাইলৈৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ'ব। অসম ক্ৰিকেটৰ ৭৬ বছৰীয়া ইতিহাসত ৰাজ্যখনত হ’বলগীয়া প্ৰথমখন টেষ্টৰ বাবে বি চি চি আই তথা অসম ক্রিকেট সন্থাই প্রস্তুতি সম্পূৰ্ণ কৰিছে। আজি দুয়োটা দলৰ অধিনায়কে কাইলৈৰ খেল সম্পর্কে সাংবাদিকক সম্বোধন কৰে। আঘাতৰ বাবে দ্বিতীয় টেষ্টৰ পৰা বাদ পৰা ভাৰতীয় দলৰ অধিনায়ক শুভমন গীলৰ স্থানত ঋষভ পণ্টক দলৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছে। আজিৰ সংবাদমেলতে ঋষভ পণ্টক...

November 19, 2025 8:42 PM

views 28

গুৱাহাটী টেষ্টৰ বাবে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল দুটা গুৱাহাটীত উপস্থিত

অহা ২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাৰ অসম ক্রিকেট এছোছিয়েছনৰ খেলপথাৰত হ’বলগীয়া গুৱাহাটী টেষ্টৰ বাবে আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল দুটা গুৱাহাটীত উপস্থিত হয়। দুয়োটা দলকে বিশেষ ছাৰ্টাৰ্ড বাছেৰে বিমান বন্দৰৰ পৰা হোটেল ৰেডিছন ব্লুলৈ লৈ যোৱা হয়। বিমান বন্দৰ আৰু হোটেলত দল দুটাৰ অগণন অনুৰাগীয়ে তেওঁলোকক হৰ্যোধবনিৰে আদৰণি জনায়। কাইলৈ দুয়োটা দলে বর্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব। উল্লেখযোগ্য যে দুয়োটা দলৰ মাজৰ চলিত দুখন খেলৰ টেষ্ট শৃংখলাটোত দক্ষিণ আফ্রিকাই কলকাতাত অনুষ্ঠিত প্রথম টেষ্টত জয়লাভ কৰি ১- ...