December 19, 2025 12:26 PM December 19, 2025 12:26 PM

views 2

বিগত বছৰৰ ডিচেম্বৰৰ পৰা ভাৰত উপ-মহাদেশত আনছাৰুল বাংলা টীম সন্ত্ৰাসবাদী সংগঠনটোৰ ১৪জন সদস্যক গ্ৰেপ্তাৰ

অসম আৰক্ষীয়ে যোৱা বছৰৰ ডিচেম্বৰৰ পৰা অন্য সুৰক্ষা সংস্থাৰ সহযোগত ভাৰত উপ-মহাদেশত অলকায়দাৰ সহযোগী আনছাৰুল বাংলা টীম নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ ১৪ জন সদস্যক গ্ৰেপ্তাৰ কৰিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। শেহতীয়া কেইটামান মাহত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কেইবাগৰাকীও অবৈধ বাংলাদেশী নাগৰিকক আটক কৰা আৰু ১২ হাজাৰ ৩০০ কিলোগ্ৰাম পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰা বুলিও মন্ত্ৰ্যালয়ে জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ বিষয়াই ভাৰত-বাংলাদেশ সম্বন্ধ ভৱিষ্যত সম্পৰ্কীয় বৈদেশিক পৰিক...

May 14, 2024 8:37 PM May 14, 2024 8:37 PM

views 10

গুৱাহাটীত গ্ৰেপ্তাৰ কৰা আনছাৰুল্লাহ বাংলা টীমৰ দুই সদস্যক ৯ দিনৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ জিম্মালৈ প্ৰেৰণ

অসম আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰা অলকায়দাৰ সহযোগী সংগঠন আনছাৰুল্লাহ বাংলা টীম চমুকৈ এ বি টিৰ সদস্য বাহাৰ মিঞা আৰু ৰাছেল মিঞাক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। পিছত তদন্তকাৰী সংস্থাটোৱে অধিক সোধা-পোছাৰ বাবে দুয়োকে ১৩ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন জনায়। কিন্তু আদালতে ৯ দিনৰ বাবে বিশেষ শাখাৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, বিশেষ শাখাই কালি গুৱাহাটীত দুই সদস্যক গ্ৰেপ্তাৰ কৰিছিল।