October 12, 2025 7:48 PM

views 18

২০২৩ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তি শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে ত্রিপাক্ষিক আলোচনা অনুষ্ঠিত কৰিবলৈ এবছুৰ কেন্দ্ৰীয় চৰকাৰক আহ্বান

২০২৩ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তি শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু নিখিল বড়ো ছাত্র সন্থা এবছুৰ মাজত ত্রিপাক্ষিক আলোচনাৰ বাবে এবছুৱে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। কোকৰাঝাৰৰ বডোফা ভবনত কালি আয়োজিত এখন সংবাদমেলত সংগঠনটোৰ সভাপতি দীপেন বড়োৱে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে সংগঠনটোৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকত এই বিষয়টোৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সংকল্প লোৱা হৈছে। চুক্তি ৰূপায়ণৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ চলিত মাহতে এবছুৱে বিভিন্ন জিলাত সমাবেশৰ আয়োজন কৰিব বুলি শ্রীবড়োৱে প্...