May 20, 2025 1:05 PM

views 11

এবিলেকৰ উদ্যোগত কাইলৈ আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্মদিনৰ আয়োজন

পণ্ডিত প্ৰৱৰ আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্মদিন উপলক্ষে কাইলৈ কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি সংস্থা এবিলেকৰ উদ্যোগত এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ সভাগৃহত আয়োজিত কাৰ্যসূচীত নতুন দিল্লীৰ ভাৰতীয় সমাজ বিজ্ঞান অনুসন্ধান পৰিষদৰ সদস্য সচিব অধ্যাপক ধনঞ্জয় সিঙে পণ্ডিতপ্ৰৱৰ আনন্দৰাম বৰুৱা স্মাৰক বক্তৃতা আগবঢ়াব। এই অনুষ্ঠানত শিক্ষা মন্ত্ৰী তথা এবিলেকৰ পৰিচালনা সমিতিৰ সভাপতি ডাঃ ৰণোজ পেগু উপস্থিত থাকিব।