July 18, 2024 8:39 PM July 18, 2024 8:39 PM

views 13

ডকমকাত সংঘটিত অভি-নীল হত্যাকাণ্ডৰ আজি শুনানী অনুষ্ঠিত হয়

২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত অভি-নীল হত্যাকাণ্ডৰ আজি শুনানী অনুষ্ঠিত হয়। নগাঁও আদালতত বিচাৰাধীন গোচৰটোৰ এই মাহৰ শেষৰ ফালে অৰ্থাৎ ৩০ জুলাইত পৰৱৰ্তী শুনানী গ্রহণ কৰা হ'ব। আজি নগাঁও সত্র ন্যায়াধীশ আদালতত আছামী পক্ষৰ অধিবক্তা উপস্থিত নথকাত গোচৰটোৰ শুনানী পৰৱৰ্তী ৩০ জুলাইলৈ পিছুৱাই দিয়া হয়। উল্লেখযোগ্য যে এই ঘটনাৰ ৪৭ জন অভিযুক্তৰ ভিতৰত এজন অপ্রাপ্তবয়স্ক হিচাপে প্ৰকাশ কৰা হৈছিল যদিও আদালতত আজিপর্যন্ত অপ্রাপ্তবয়স্কৰ প্ৰমাণপত্ৰ জমা দিয়া হোৱা নাই।