December 10, 2025 11:44 AM

views 28

সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ উদ্যোগত জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদনক লৈ আলোচনা

সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ উদ্যোগত কালি গুৱাহাটীত অনুষ্ঠিত এখন চিন্তন বৈঠকত ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদনক লৈ আলোচনা কৰা হয়। আলোচনাৰ অন্তত বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি সংগঠনটোৰ নেতা বসন্ত গগৈয়ে কয়, যে এই প্রতিবেদনত টাই- আহোম জনগোষ্ঠীক অনুসূচীত জনজাতি হিচাপে অন্তর্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত জনগোষ্ঠীটো সামাজিক আৰু ৰাজনৈতিক দিশত কিদৰে সুৰক্ষিত হ'ব সেয়া চালি-জাৰি চাবলৈ অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁইক অধ্যক্ষ হিচাপে এখন ২১ জনীয়া ...