February 8, 2025 1:17 PM
23
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষক সাক্ষাৎ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ
সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত আলোচনা কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে কালি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষক সাক্ষাৎ কৰে। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ মুঠ ৪ লাখ ২৯ হাজাৰ ৪৪৮ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য এই তিনিওটা শাখাত সৰ্বমুঠ ৩ লাখ ছহেজাৰ ৮৪১ গৰাকী শিক্ষার্থী অৱতীৰ্ণ হ'ব। এই দুয়োটা পৰীক্ষা নিয়াৰিকৈ পৰিচালনা কৰিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ ...