October 23, 2025 8:19 PM

views 69

জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি ন্যায় সমদল

জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি ন্যায় সমদল উলিয়ায়। সদৌ কামৰূপ মহানগৰ জিলা ছাত্রসন্থা আৰু কামৰূপ জিলা ছাত্ৰসন্থাৰ উদ্যোগত গুৱাহাটীৰ উজান বজাৰৰ ছহিদ ন্যাস ভৱনৰ পৰাও পুৱা ন্যায় সমদল উলিওৱা হয়। ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা এই সমদলৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ পানী নসৰকা তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনোৱা হয়। ন্যায় সমদলত অংশ লৈ ছাত্ৰসন্থাৰ সভাপতি উৎপল শৰ্মাই কয়, যে জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনো অস্পষ্টতা থাকি যাব নোৱাৰিব। ...