July 19, 2025 7:45 PM
15
চৰকাৰৰ জলসিঞ্চন ব্যৱস্থাৰ ব্যৰ্থতাৰ প্ৰতিবাদত আছুৰ আহ্বানত বিভিন্ন জিলাত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী
ৰাজ্যৰ অন্যান্য জিলাৰ লগতে হোজাই জিলাতো অনাবৃষ্টিৰ ফলত কৃষকে কৃষিকাৰ্যত অসুবিধাৰ সন্মুখীন হৈছে। জিলাখনত চৰকাৰৰ পৰিকল্পিত বিজ্ঞানসন্মত জলসিঞ্চন আঁচনিৰ অভাৱত কৃষকসকলে ধানখেতিৰ বতৰত কৃষিকাৰ্যৰ পৰা বিৰত থাকিবলগীয়া হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত হোজাই জিলা ছাত্ৰ সন্থাই জিলা আয়ুক্তৰ জৰিয়তে জলসিঞ্চনৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। ছাত্ৰ সন্থাই ক্ষতিগ্রস্ত কৃষকসকলক এককালীনভাৱে আর্থিক সাহায্য প্ৰদান কৰিবলৈও আহ্বান জনাইছে। খৰাং সদৃশ পৰিস্থিতিৰ বাবে বাক্সা জিল...