October 15, 2024 10:51 AM October 15, 2024 10:51 AM

views 4

বিশিষ্ট সাহিত্যিক আৰু প্রকাশকক প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২৪ প্ৰদানৰ ব্যৱস্থা, প্ৰ-পত্ৰ আহ্বান

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বিগত বছৰৰ দৰে এইবছৰো বিশিষ্ট সাহিত্যিক আৰু প্রকাশকসকললৈ প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২৪ প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত গ্ৰন্থৰ লেখক আৰু প্ৰকাশক দুয়োগৰাকীকে পুৰস্কৃত কৰা হ'ব। এই বঁটাত গ্ৰন্থৰ লেখকক ৫ লাখ টকাৰ সৈতে মানপত্ৰ আৰু প্ৰকাশকক ৩ লাখ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হ'ব। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ...