August 31, 2024 12:42 PM

views 18

পেৰুৰ লিমাত অনুষ্ঠিত ২০ বছৰ অনূৰ্ধ্ৱৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ আৰতীৰ ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতৰ আৰতীয়ে পেৰুৰ লিমাত অনুষ্ঠিত ২০ বছৰৰ অনূৰ্ধ্ৱৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ মহিলাৰ ১০ হাজাৰ মিটাৰ বেগাই খোজকাঢ়া প্রতিযোগিতাত ২০ বছৰ অনূৰ্ধ্ৱৰ ৰাষ্ট্ৰীয় অভিলেখৰ সময়ৰে ব্ৰঞ্জৰ পদক অর্জন কৰিছে। আৰতীয়ে কালি ৪৪ মিনিট আৰু ৩৯ দশমিক ৩-৯ ছেকেণ্ডত দূৰত্ব অতিক্ৰম কৰি প্ৰতিযোগিতাত দেশৰ হকে প্রথমটো পদক অর্জন কৰে। ১৭ বছৰীয়া আৰতীয়ে লক্ষ্ণৌত যোৱা মাৰ্চত অনুষ্ঠিত ২০ বছৰ অনূৰ্ধ্ৱৰ নেচনেল ফেডাৰেচন কাপৰ সময়ত গঢ়া ৪৭ মিনিট আৰু ২১ দশমিক ০-৪ ছেকেণ্ডৰ অভিলেখ ভংগ কৰে। চীনৰ ঝুঅ’মা বেইমা আৰু মেইলিং চেনে এই ...