February 2, 2025 8:41 PM

views 3

আপ দলৰ কৰ্মীক আক্ৰমণৰ অভিযোগ তুলি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ মুখ্য নির্বাচনী বিষয়ালৈ পত্র

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কাইলৈ বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। প্ৰচাৰ অভিযানৰ সামৰণিৰ দিব চমু চাপি অহাৰ লগে লগে ৰাজনৈতিকত দলসমূহে ভোটদাতাসকলৰ মন জয়কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে মুখ্য নির্বাচনী বিষয়ালৈ এখন পত্র লিখি বিজেপি কর্মকর্তা তথা দিল্লী আৰক্ষী বিষয়াৰ বিৰুদ্ধে আপ দলৰ কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ তুলি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সংবাদ মাধ্যমৰ আগত কেজৰিৱালে নতুন দিল্লীৰ আপ দলৰ কর্মকর্তাসকলক বিজেপি কৰ্মকৰ্তাই হাৰাশাস্তি কৰা...

January 12, 2025 11:18 AM

views 10

ভোটাৰ তালিকাক লৈ উঠা অনিয়মৰ অভিযোগ সন্দৰ্ভত মুখ্য নির্বাচন আয়ুক্তলৈ  আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ পত্র

আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে নতুন দিল্লী বিধানসভা সমষ্টিত ভোটাৰ তালিকাক লৈ উঠা অনিয়মৰ অভিযোগ সন্দৰ্ভত মুখ্য নির্বাচন আয়ুক্তলৈ পত্র লিখিছে। পত্ৰখনত শ্ৰী কেজৰিৱালে নতুন দিল্লী বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী ভুৱা পৰিচয়পত্ৰ প্ৰস্তুত কৰাৰ ঘটনাত জড়িত বুলি অভিযোগ তুলিছে। তেওঁ এই সন্দৰ্ভত এখন এজাহাৰ ৰুজু কৰিবলৈ আৰু বিজেপিৰ প্রার্থীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগৰ প্ৰতি আহ্বান জনাইছে।

May 10, 2024 5:53 PM

views 4

বিজেপি মূল্যবৃদ্ধি ৰোধত বিফল হোৱা বুলি আম আদমী পাৰ্টীৰ অভিযোগ

আম আদমী পাৰ্টীয়ে আজি বিজেপিয়ে মূল্যবৃদ্ধি প্ৰতিৰোধত বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত আপৰ জ্যেষ্ঠ নেতা সৌৰভ ভৰদ্বাজে বৰ্তমানৰ চৰকাৰৰ শাসন কালত দেশত ভোকাতুৰ লোকৰ মাত্ৰা ভয়ংকভাৱে বৃদ্ধি পাইছে বুলি অভিযোগ কৰে। তেওঁ লগতে গ্ৰামীণ আৰু নগৰীয়া দুয়োটা এলেকাতে খৰচৰ তুলনাত জনসাধাৰণৰ উপাৰ্জন সমানুপাতিকভাৱে বৃদ্ধি পোৱা নাই বুলিও কয়। ব্যাপক মাত্ৰাত দেখা দিয়া নিবনুৱা সমস্যা আৰু মুদ্রাস্ফীতিৰ পৰিণতিতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে। আপৰ নেতাগৰাকীয়...

April 16, 2024 6:14 PM

views 15

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ দলৰ নেতা সঞ্জয় সিঙৰ

আম আদমী পাৰ্টীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ তুলিছে। দলৰ নেতা সঞ্জয় সিঙে আজি এখন সংবাদমেলত কয় যে কাঁচৰ খিৰিকীৰে বিভক্ত এটা কক্ষত অকল অৰবিন্দ কেজৰিৱালৰ পত্নী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক সাক্ষাৎ কৰিব পৰাৰ অনুমতি প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশোধৰ ৰাজনীতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ কৰি শ্ৰী সিঙে কয় যে কোনোধৰণৰ হেঁচাই কেজৰিৱালৰ মন ভাঙিব নোৱাৰে। তেওঁ লগতে আম আদমী পাৰ্টীক ধ্বংস কৰাই দিল্লী আবকাৰী নীতি কেলেংকাৰিত বিজেপিৰ একমাত্ৰ উ...