February 25, 2025 8:09 PM

views 12

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীকে ধৰি ২১ গৰাকী আম আদমী পাৰ্টীৰ বিধায়কক চলিত দিল্লী বিধানসভা অধিবেশনত তিনিদিনৰ বাবে নিলম্বন

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশী, গোপাল ৰায়, ইমৰাণ হুছেইন, বিশেষ ৰবীকে ধৰি ২১ গৰাকী আম আদমী পাৰ্টীৰ বিধায়কক চলিত দিল্লী বিধানসভা অধিবেশনত তিনিদিনৰ বাবে নিলম্বন কৰা হৈছে। আজি দিল্লীৰ উপৰাজ্যপাল বিনয় কুমাৰ চাক্সেনাৰ অভিভাষণৰ সময়ত এইকেইজন বিধায়কে প্ৰদৰ্শন কৰা উশৃংখল আচৰণৰ বাবে তেওঁলোকৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত দিল্লীৰ মন্ত্ৰী পৰবেশ চাহিব সিঙ বার্মাই এই বিধায়ককেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে আৰু সদনে ধ্বনি ভোটত প্ৰস্তাৱটো গ্ৰহণ কৰে ৷

September 9, 2024 8:34 PM

views 15

হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ আম আদমী পাৰ্টীৰ ২০ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ

আম আদমী পাৰ্টীয়ে হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ২০ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। দলটোৱে বীজেন্দ্ৰ হুদাক ৰহতক আসনৰ পৰা আৰু ইন্দু শৰ্মাক ভিৱানি আসনৰ পৰা দলীয় প্রার্থি হিচাপে প্ৰক্ষেপ কৰিছে। পবন ফৌজিক উচানা কালান আৰু জয়পাল শৰ্মাক ঘৰোন্দা সমষ্টিৰ পৰা দলৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে