September 19, 2025 7:51 PM

views 160

২০২৫-২৬ বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্রয়োজনীয় প্রমাণপত্রসমূহ আবেদনৰ আহ্বান অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২০২৫-২৬ বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্রয়োজনীয় প্রমাণপত্রসমূহ আবেদনৰ আহ্বান জনাইছে। শিল্পীসকলে www.directorculture.assam.gov.in www.silpisanmanassam.com যোগে অনলাইন আবেদন কৰিব পাৰিব। অহা ১০ অক্টোবৰ আবেদনৰ অনলাইন পঞ্জীয়নৰ অন্তিম দিন। উল্লেখযোগ্য যে চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ পেঞ্চন, পৰিয়াল পেঞ্চন তথা বার্ষিক শিল্পী সন্মানৰ লগতে শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়াললৈ বিশেষ পেঞ্চন আগবঢ়াই আহিছে।

September 16, 2025 7:55 PM

views 32

ভাৰত এখন উন্নয়নশীল দেশৰ পৰা বিগত ১১ বছৰত জলবায়ু সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ এখন অগ্ৰণী দেশত পৰিগণিত হৈছে

লোকসেৱা আৰু সুশাসনৰ দ্বাৰা পৰিচালিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে পৰিৱৰ্তন আৰু প্রগতি অনাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। ক্ৰমবৰ্ধমান শক্তিৰ চাহিদাৰ এখন উন্নয়নশীল দেশৰ পৰা ভাৰত যোৱা ১১ টা বছৰত জলবায়ু সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ এখন অগ্ৰণী দেশত পৰিগণিত হৈছে। বনভূমিৰ সংৰক্ষণৰ পৰা পৰিৱেশ সুৰক্ষাক ন্যায়িক মর্যাদা প্ৰদান, সৌৰশক্তি ব্যৱহাৰৰ পৰা সেউজ শক্তিৰ বিবিধ ব্যৱহাৰলৈ গতি কৰি ভাৰতে বহনক্ষম বিকাশ আৰু পৰিৱেশ সংৰক্ষণ যে একেলগে আগবাঢ়িব পাৰে, তাক প্ৰমাণ কৰিছে। পেৰিছত অনুষ্ঠিত পৰিৱেশ সংৰ...

September 16, 2025 7:51 PM

views 27

কাছাৰত পুনৰ ১১ জন ৰোহিংগীয়া লোকক আটক

কাছাৰ জিলাত আজি পুনৰ ১১ জন ৰোহিংগীয়া লোকক আটক কৰা হৈছে। কাছাৰ আৰক্ষীয়ে শিলচৰৰ তাৰাপুৰ কালিবাৰী ৰোড এলেকাৰ পৰা মহিলা আৰু শিশুসহ ৰোহিংগীয়া লোককেইজনক আটক কৰে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে হায়দাবাদৰ পৰা বিতাড়িত ৰোহিংগীয়াৰ দলটোৱে শিলচৰত ভাৰাঘৰৰ সন্ধান কৰিছিল। দলটোৰ সন্দেহজনক আচৰণৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে দিয়া খবৰৰ ভিত্তিত আৰক্ষীয়ে লোককেইজনক আটক কৰিবলৈ সমৰ্থ হয়। আদালতৰ নিৰ্দেশত আজি আটক কৰা লোককেইজনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়৷

September 16, 2025 6:22 PM

views 20

আজি বিয়লি ৩ বাজি ২ মিনিটত প্ৰশাসনীয় সংস্কাৰৰ জৰিয়তে সাহসিকতাপূর্ণ অর্থনৈতিক বিকাশ শীর্ষক আলোচনা প্ৰচাৰ

লোকসেৱা আৰু সুশাসনৰ দ্বাৰা পৰিচালিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতি অনাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। আমাৰ সেৱা পৰ্বৰ বিশেষ প্রতিবেদনলানিত আজি আগবঢ়াইছো পৰিৱেশ সংস্কৰণৰ ক্ষেত্ৰত ভাৰতৰ বিশ্বৰ নেতৃত্বলৈ লৈ যোৱাত মোদী চৰকাৰৰ প্ৰয়াসৰ বিষয়ে সেৱা পৰ্ব উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা আলোচনালানিৰ অংশ হিচাপে আজি বিয়লি ৩ বাজি ২ মিনিটত প্ৰশাসনীয় সংস্কাৰৰ জৰিয়তে সাহসিকতাপূর্ণ অর্থনৈতিক বিকাশ শীর্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ ল’ব জ্যেষ্ঠ সাংবাদি...

September 13, 2025 11:54 AM

views 22

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

■ প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। জ্যেষ্ঠ সাংবাদিক মনীষ গোস্বামী, এট্ৰনৰ পৰামৰ্শদাতা বসন্ত বৰঠাকুৰ আৰু পথ অভিযান্ত্ৰিক বিষয়ৰ পৰামৰ্শদাতা ত্রিদীপ চাংমাইয়ে অংশগ্রহণ কৰিবলগীয়া অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ। এই অনুষ্ঠান ৰাজ্যখনৰ...

September 13, 2025 11:45 AM

views 29

আকাশবাণী গুৱাহাটী কেন্দ্ৰই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰিব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ভাগ ল'বলগীয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰই পোনপটীয়াকৈ প্ৰচাৰ কৰিব। বিয়লি ৫ বাজি ১০ মিনিটৰ পৰা আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এই অনুষ্ঠান প্ৰচাৰিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া ৫ বাজি ১৫ মিনিটৰ বিয়লিৰ আঞ্চলিক বাতৰি আৰু সন্ধিয়া ৬ বজাৰ সন্ধিয়াৰ উজনি অসমৰ বাতৰি প্ৰচাৰিত নহয়।

September 13, 2025 11:40 AM

views 34

দুদিনীয়া ভ্ৰমণসূচীৰে মিজোৰাম, মণিপুৰ আৰু অসমলৈ প্রধানমন্ত্ৰী মোদী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে আজি মিজোৰাম, মণিপুৰ আৰু অসমলৈ আহিব। প্রধানমন্ত্ৰীয়ে আজি দিনৰ ১০ বজাত আইজলৰ লামউৱালত আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্মিত ৱৈৰৱী-চাইৰাং ৰে'লপথেৰে তিনিখন নতুন ৰেলগাড়ীৰ যাত্ৰাৰ ভার্চুৱেলি শুভাৰম্ভ কৰিব। এই নতুন ৰেলগাড়ীকেইখন হৈছে চাইৰাং আৰু দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু ক'লকাতাৰ মাজত ত্রিসাপ্তাহিক এক্সপ্ৰেছ। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মণিপুৰলৈ যাব আৰু চূড়াচান্দপুৰ, ইম্ফলত দুখন জনসভাত ...

September 11, 2025 12:30 PM

views 29

আকাশবাণী গুৱাহাটীৰ বাতৰি পঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অ'ডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি ২৪ ছেপ্তেম্বৰৰ পূৰ্বে এম-পি থ্ৰী ৰূপত হোৱাট্‌ছএপযোগে পঠিয়াব লাগিব। হোৱাট্‌ছএপ নম্বৰকে ধৰি প্রতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্রতিযোগীয়ে আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী চাব পাৰে।

September 9, 2025 3:24 PM

views 27

বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱস সোমবাৰে উদযাপন

■ বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱস কালি উদযাপন কৰা হয়। ২০১৬ চনৰ কালিৰ দিনটোতে মাজুলীক জিলা হিচাপে স্বীকৃতি দিয়া হৈছিল। জিলা দিৱস উপলক্ষে গড়মূৰ খোনাচুকৰ মাধৱদেৱ কৃষ্টি সংঘত কেন্দ্ৰীয়ভাৱে বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা দিৱস উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ উদ্যোগত আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ সহযোগত যোৱানিশা এখন ভাওনা প্ৰদৰ্শন কৰা হয় ৷

September 1, 2025 11:34 AM

views 25

নাৰী শিক্ষাৰ অগ্ৰণী সংগঠন ইডুকেট গার্লছলৈ ২০২৫ বৰ্ষৰ ৰমণ মেগছেছে বঁটা

■ নাৰী শিক্ষাৰ অগ্ৰণী সংগঠন ইডুকেট গার্লছলৈ ২০২৫ বৰ্ষৰ ৰমণ মেগছেছে বঁটা আগবঢ়োৱা হৈছে। ৰমণ মেগছেছে এৱাৰ্ড ফাউণ্ডেচনে এটা বিবৃতিৰ জৰিয়তে নাৰী শিক্ষাত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় স্বেচ্ছাসেৱী সংগঠনটোলৈ এছিয়াৰ ন'বেল বঁটা হিচাপে খ্যাত এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই বঁটা ঘোষণা কৰাৰ পাছতেই ইডুকেট গাৰ্লছৰ প্ৰতিষ্ঠাতা ছাফিনা হুছেইনে ভাৰতৰ প্ৰথমটো স্বেচ্ছাসেৱী সংগঠন হিচাপে মেগছেছে বঁটা লাভ কৰাটো দেশৰ ছাত্ৰীৰ বাবে ঐতিহাসিক মুহূর্ত বুলি মত প্ৰকাশ কৰিছে। সংগঠনটোৱে পৰৱৰ্তী দশকটোত ১ কোটি শিক্ষাৰ্থীৰ...