September 13, 2025 11:54 AM

views 12

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

■ প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। জ্যেষ্ঠ সাংবাদিক মনীষ গোস্বামী, এট্ৰনৰ পৰামৰ্শদাতা বসন্ত বৰঠাকুৰ আৰু পথ অভিযান্ত্ৰিক বিষয়ৰ পৰামৰ্শদাতা ত্রিদীপ চাংমাইয়ে অংশগ্রহণ কৰিবলগীয়া অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ। এই অনুষ্ঠান ৰাজ্যখনৰ...

September 13, 2025 11:45 AM

views 19

আকাশবাণী গুৱাহাটী কেন্দ্ৰই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰিব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ভাগ ল'বলগীয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰই পোনপটীয়াকৈ প্ৰচাৰ কৰিব। বিয়লি ৫ বাজি ১০ মিনিটৰ পৰা আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এই অনুষ্ঠান প্ৰচাৰিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া ৫ বাজি ১৫ মিনিটৰ বিয়লিৰ আঞ্চলিক বাতৰি আৰু সন্ধিয়া ৬ বজাৰ সন্ধিয়াৰ উজনি অসমৰ বাতৰি প্ৰচাৰিত নহয়।

September 13, 2025 11:40 AM

views 24

দুদিনীয়া ভ্ৰমণসূচীৰে মিজোৰাম, মণিপুৰ আৰু অসমলৈ প্রধানমন্ত্ৰী মোদী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে আজি মিজোৰাম, মণিপুৰ আৰু অসমলৈ আহিব। প্রধানমন্ত্ৰীয়ে আজি দিনৰ ১০ বজাত আইজলৰ লামউৱালত আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্মিত ৱৈৰৱী-চাইৰাং ৰে'লপথেৰে তিনিখন নতুন ৰেলগাড়ীৰ যাত্ৰাৰ ভার্চুৱেলি শুভাৰম্ভ কৰিব। এই নতুন ৰেলগাড়ীকেইখন হৈছে চাইৰাং আৰু দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু ক'লকাতাৰ মাজত ত্রিসাপ্তাহিক এক্সপ্ৰেছ। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মণিপুৰলৈ যাব আৰু চূড়াচান্দপুৰ, ইম্ফলত দুখন জনসভাত ...

September 11, 2025 12:30 PM

views 15

আকাশবাণী গুৱাহাটীৰ বাতৰি পঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অ'ডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি ২৪ ছেপ্তেম্বৰৰ পূৰ্বে এম-পি থ্ৰী ৰূপত হোৱাট্‌ছএপযোগে পঠিয়াব লাগিব। হোৱাট্‌ছএপ নম্বৰকে ধৰি প্রতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্রতিযোগীয়ে আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী চাব পাৰে।

September 9, 2025 3:24 PM

views 17

বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱস সোমবাৰে উদযাপন

■ বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱস কালি উদযাপন কৰা হয়। ২০১৬ চনৰ কালিৰ দিনটোতে মাজুলীক জিলা হিচাপে স্বীকৃতি দিয়া হৈছিল। জিলা দিৱস উপলক্ষে গড়মূৰ খোনাচুকৰ মাধৱদেৱ কৃষ্টি সংঘত কেন্দ্ৰীয়ভাৱে বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা দিৱস উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ উদ্যোগত আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ সহযোগত যোৱানিশা এখন ভাওনা প্ৰদৰ্শন কৰা হয় ৷

September 1, 2025 11:34 AM

views 18

নাৰী শিক্ষাৰ অগ্ৰণী সংগঠন ইডুকেট গার্লছলৈ ২০২৫ বৰ্ষৰ ৰমণ মেগছেছে বঁটা

■ নাৰী শিক্ষাৰ অগ্ৰণী সংগঠন ইডুকেট গার্লছলৈ ২০২৫ বৰ্ষৰ ৰমণ মেগছেছে বঁটা আগবঢ়োৱা হৈছে। ৰমণ মেগছেছে এৱাৰ্ড ফাউণ্ডেচনে এটা বিবৃতিৰ জৰিয়তে নাৰী শিক্ষাত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় স্বেচ্ছাসেৱী সংগঠনটোলৈ এছিয়াৰ ন'বেল বঁটা হিচাপে খ্যাত এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই বঁটা ঘোষণা কৰাৰ পাছতেই ইডুকেট গাৰ্লছৰ প্ৰতিষ্ঠাতা ছাফিনা হুছেইনে ভাৰতৰ প্ৰথমটো স্বেচ্ছাসেৱী সংগঠন হিচাপে মেগছেছে বঁটা লাভ কৰাটো দেশৰ ছাত্ৰীৰ বাবে ঐতিহাসিক মুহূর্ত বুলি মত প্ৰকাশ কৰিছে। সংগঠনটোৱে পৰৱৰ্তী দশকটোত ১ কোটি শিক্ষাৰ্থীৰ...

August 21, 2025 7:14 PM

views 10

বাক্সাৰ ধনশ্ৰীপুৰত স্বেচ্ছাসেৱী সংস্থাৰ বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি

বাক্সা জিলাৰ ধনশ্ৰীপুৰত আজি এটা স্বেচ্ছাসেৱী সংস্থাই বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে ৰোগীৰ স্বাস্থ্যপৰীক্ষা কৰি পৰামৰ্শ দিয়ে। এ চি আৰ ডি নামৰ সংস্থাটোৱে পূৰ্বেও এনে ধৰণৰ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে।

August 19, 2025 1:45 PM

views 13

ডায়েৰীয়া নিৰ্মূলৰ বাবে ডিব্ৰুগড় জিলাত সজাগতা সভা

■ ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ তথা পঞ্চায়তৰ প্ৰতিনিধিসকলৰ যৌথ প্ৰচেষ্টাত ডায়েৰীয়া নিৰ্মূলৰ বাবে ডিব্ৰুগড় জিলা টেঙাখাত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পুৰণা দিৰীয়াল চাহ বাগিচাৰ সমীপৰ গজালবস্তি, ঝৌপ্পৰ পট্টি আদিত কালি সজাগতা সভা অনুষ্ঠিত হয়। এই সভাৰ জৰিয়তে জনসাধাৰণক ডায়েৰীয়াৰ পৰা ৰক্ষা পাবলৈ গ্ৰহণ কৰিবলগীয়া বিভিন্ন উপায় সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱা হয়। ইপিনে চাবুৱাৰ দিনজয় চাহ বাগিচাৰ পকালাইনত ডায়েৰীয়া সদৃশ ৰোগত কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনাৰ পাছত এই অঞ্চলত ...

July 24, 2025 7:21 PM

views 14

গোলাঘাটৰ মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিল গাঁৱত বাস কৰা দখলকাৰীসকলক ৭ দিনৰ ভিতৰত গাঁও এৰিবলৈ বন বিভাগৰ জাননী জাৰি

গোলাঘাট জিলাৰ মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিল গাঁৱত বাস কৰা দখলকাৰীসকলক সাত দিনৰ ভিতৰত গাঁও এৰিবলৈ বন বিভাগে জাননী জাৰি কৰিছে। বন বিভাগৰ দলে আজি ঘৰে ঘৰে গৈ এই জাননী বিতৰণ কৰে। গোলাঘাট সংমণ্ডলৰ বন বিষয়াই জাৰি কৰা এই জাননীত এই লোকসকলে জামুগুৰি আঞ্চলিক বন কার্যালয়ৰ অন্তর্গত দৈয়াং সংৰক্ষিত বনাঞ্চল এলেকাত অবৈধভাৱে প্ৰৱেশ কৰি বনাঞ্চল ধ্বংস কৰি গৃহ নিৰ্মাণৰ লগতে বনভূমিক কৃষিভূমিলৈ ৰূপান্তৰ কৰিছে বুলি কোৱা হৈছে। সংৰক্ষিত বনাঞ্চলত অনুমতি নোহোৱাকৈ বসবাস কৰাৰ বাবে তেওঁলোকক শীঘ্ৰেই এই বনভূমি খালী কৰি দিবলৈ ন...

June 30, 2025 8:56 PM

views 23

গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড’ৰ ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়াম উদ্বোধন কৰে। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত ৭ কোটি ৯৪ লাখ টকা ব্যয় সাপেক্ষে এই ষ্টেডিয়ামটো নিৰ্মাণ কৰি উলিয়াইছে। ৬খন টেবুল টেনিছ ব'ৰ্ড আৰু ৫খন বেডমিণ্টন ক'ৰ্ট সংযুক্তকৰণেৰে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ষ্টেডিয়ামৰ নৱসংযোজনে গোলাঘাট জিলা ক্রীড়া ক্ষেত্ৰক নতুন ৰূপ দিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্রী শর্মাই আজি গোলাঘাট চৰক...