October 2, 2025 8:51 PM

views 17

দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত বিশেষ ৰেহাই মূল্যত সামগ্রী বিক্রী মেলা

● নতুন দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত খাদী আৰু গ্ৰামোদ্যোগত উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত বিশেষ ৰেহাই মূল্যত আজি এখন সামগ্রী বিক্রী মেলা অনুষ্ঠিত হয়। মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি এই বিক্ৰী মেলা মুকলি কৰে। গ্ৰাহকক খাদী সামগ্ৰীৰ ক্ষেত্ৰত ২০ শতাংশ আৰু খাদী গ্রামোদ্যোগ সামগ্ৰীৰ ক্ষেত্ৰত ১০ শতাংশ ৰেহাই দিয়া হ'ব। আজি আৰম্ভ হোৱা আৰু অহা ৫ নবেম্বৰত সামৰণি পৰিবলগীয়া খাদী মহোৎসৱ-২০২৫লৈ এই ৰেহাই ব্যৱস্থা থাকিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন...

October 2, 2025 6:36 PM

views 30

ছুদানত এল ফেছাৰ মহানগৰৰ সমীপত ৰেপিড ছাপৰ্ট ফ’ৰ্চৰ ড্ৰ’ন আক্ৰমণত ৮ জন লোক নিহত

■ ছুদানত এল ফেছাৰ মহানগৰৰ সমীপত ৰেপিড ছাপৰ্ট ফ'ৰ্চৰ ড্ৰ'ন আক্ৰমণত ৮ জন লোক নিহত হোৱাৰ উপৰি কেইবাজনো লোক আহত হয়। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ঘটনাস্থলীতে ৫ জন অসামৰিক লোকৰ মৃত্যু হয়, আনহাতে ৩ জন গুৰুতৰভাৱে আহত লোকৰ চিকিৎসালয়ত মৃত্যু হয়। কমেও ১২ জন আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দেশখনত গৃহযুদ্ধ চলি থকাৰ পৰিপ্ৰেক্ষিতত বিদ্ৰোহী গোটে অসামৰিক লোক বাস কৰা অঞ্চলক প্ৰায়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। ছুদানিজ আর্মড ফ'ৰ্চ আৰু ৰেপিড ছাপৰ্ট ফ'ৰ্চৰ মাজত ২০২৩ চনৰ এপ্ৰিলৰ পৰা চলি থকা গৃহযুদ্ধত...

October 1, 2025 7:12 PM

views 26

আজি অসম আৰক্ষী দিৱস

আজি অসম আৰক্ষী দিৱস। জনসাধাৰণৰ শান্তি, সুৰক্ষা আৰু নিৰাপত্তাৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা অসম আৰক্ষীৰ বীৰত্ব আৰু সমৰ্পণৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয়, যে জনহিত-জনসেৱা মূলমন্ত্ৰৰে সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে দায়বদ্ধতাৰে কাম কৰি যোৱা আৰক্ষীৰ লোকসকল হৈছে সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ অম্লান প্রতিভূ। মুখ্যমন্ত্রী শর্মাই দেশ তথা জনসাধাৰণৰ সুৰক্...

September 25, 2025 9:44 PM

views 42

ৰাজস্থানৰ বাঞ্চৱাৰাত এক লাখ ২২ হাজাৰ কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বাঞ্চৱাৰাত এক লাখ ২২ হাজাৰ কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মাহী বান্ধৰ সমীপৰ নাপলাত মাহী বাঞ্চৱাৰা ৰাজস্থান পাৰমাণৱিক শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পটোত ৭০০ মেগাৱাট পাৰমাণৱিক শক্তি সম্পন্ন চাৰিটা গোট সামৰি লোৱা হ'ব আৰু ইয়াৰ নিৰ্মাণ ব্যয় ৪২ হাজাৰ কোটি টকা ধাৰ্য্য কৰা হৈছে। প্রধানমন্ত্রী শ্রী মোদীয়ে এহেজাৰ কোটি টকা ব্যয় সাপেক্ষ সৌৰ শক্তি, খোৱাপানী, স্বাস্থ্য, আন্তঃগা...

September 25, 2025 8:03 PM

views 28

বৰপেটাত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোক থিতাতে নিহত

■ বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কদমগুৰিত আজি দুপৰীয়া সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত আৰু এজন লোক আহত হয়। ইপিনে বজালী জিলাৰ পাঠশালাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত চুলিয়াপাৰাৰ সিদ্ধেশ্বৰ শৰ্মা নামৰ লোকজনৰ মৃত্যু হয়। ৰান্ধনী হিচাপে জীৱিকা নিৰ্বাহ কৰা শৰ্মাই নিজৰ কাম সমাপ্ত কৰি ঘৰলৈ আহি থকা অৱস্থাত এখন বাহনে তেওঁক মহতিয়াই লৈ যায়। ততাতৈয়াকৈ তেওঁক পাঠশালা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদি চিকিৎসকে মৃত ঘোষণা কৰে ৷

September 22, 2025 7:11 PM

views 202

হিয়াৰ আমঠু জুবিন গাৰ্গক শেষ দৰ্শনৰ বাবে সমগ্ৰ নিশা অজস্র গুণমুগ্ধৰ ভিৰ

ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱোৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে আজিও অভূতপূৰ্ব ৰূপত শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। আজি পুৱাৰে পৰা ষ্টেডিয়ামত শিল্পীগৰাকীক অন্তিমবাৰৰ বাবে দৰ্শন কৰিবলৈ বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্...

September 19, 2025 7:51 PM

views 73

২০২৫-২৬ বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্রয়োজনীয় প্রমাণপত্রসমূহ আবেদনৰ আহ্বান অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২০২৫-২৬ বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্রয়োজনীয় প্রমাণপত্রসমূহ আবেদনৰ আহ্বান জনাইছে। শিল্পীসকলে www.directorculture.assam.gov.in www.silpisanmanassam.com যোগে অনলাইন আবেদন কৰিব পাৰিব। অহা ১০ অক্টোবৰ আবেদনৰ অনলাইন পঞ্জীয়নৰ অন্তিম দিন। উল্লেখযোগ্য যে চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ পেঞ্চন, পৰিয়াল পেঞ্চন তথা বার্ষিক শিল্পী সন্মানৰ লগতে শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়াললৈ বিশেষ পেঞ্চন আগবঢ়াই আহিছে।

September 16, 2025 7:55 PM

views 24

ভাৰত এখন উন্নয়নশীল দেশৰ পৰা বিগত ১১ বছৰত জলবায়ু সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ এখন অগ্ৰণী দেশত পৰিগণিত হৈছে

লোকসেৱা আৰু সুশাসনৰ দ্বাৰা পৰিচালিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে পৰিৱৰ্তন আৰু প্রগতি অনাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। ক্ৰমবৰ্ধমান শক্তিৰ চাহিদাৰ এখন উন্নয়নশীল দেশৰ পৰা ভাৰত যোৱা ১১ টা বছৰত জলবায়ু সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ এখন অগ্ৰণী দেশত পৰিগণিত হৈছে। বনভূমিৰ সংৰক্ষণৰ পৰা পৰিৱেশ সুৰক্ষাক ন্যায়িক মর্যাদা প্ৰদান, সৌৰশক্তি ব্যৱহাৰৰ পৰা সেউজ শক্তিৰ বিবিধ ব্যৱহাৰলৈ গতি কৰি ভাৰতে বহনক্ষম বিকাশ আৰু পৰিৱেশ সংৰক্ষণ যে একেলগে আগবাঢ়িব পাৰে, তাক প্ৰমাণ কৰিছে। পেৰিছত অনুষ্ঠিত পৰিৱেশ সংৰ...

September 16, 2025 7:51 PM

views 16

কাছাৰত পুনৰ ১১ জন ৰোহিংগীয়া লোকক আটক

কাছাৰ জিলাত আজি পুনৰ ১১ জন ৰোহিংগীয়া লোকক আটক কৰা হৈছে। কাছাৰ আৰক্ষীয়ে শিলচৰৰ তাৰাপুৰ কালিবাৰী ৰোড এলেকাৰ পৰা মহিলা আৰু শিশুসহ ৰোহিংগীয়া লোককেইজনক আটক কৰে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে হায়দাবাদৰ পৰা বিতাড়িত ৰোহিংগীয়াৰ দলটোৱে শিলচৰত ভাৰাঘৰৰ সন্ধান কৰিছিল। দলটোৰ সন্দেহজনক আচৰণৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে দিয়া খবৰৰ ভিত্তিত আৰক্ষীয়ে লোককেইজনক আটক কৰিবলৈ সমৰ্থ হয়। আদালতৰ নিৰ্দেশত আজি আটক কৰা লোককেইজনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়৷

September 16, 2025 6:22 PM

views 11

আজি বিয়লি ৩ বাজি ২ মিনিটত প্ৰশাসনীয় সংস্কাৰৰ জৰিয়তে সাহসিকতাপূর্ণ অর্থনৈতিক বিকাশ শীর্ষক আলোচনা প্ৰচাৰ

লোকসেৱা আৰু সুশাসনৰ দ্বাৰা পৰিচালিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে পৰিৱৰ্তন আৰু প্ৰগতি অনাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। আমাৰ সেৱা পৰ্বৰ বিশেষ প্রতিবেদনলানিত আজি আগবঢ়াইছো পৰিৱেশ সংস্কৰণৰ ক্ষেত্ৰত ভাৰতৰ বিশ্বৰ নেতৃত্বলৈ লৈ যোৱাত মোদী চৰকাৰৰ প্ৰয়াসৰ বিষয়ে সেৱা পৰ্ব উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা আলোচনালানিৰ অংশ হিচাপে আজি বিয়লি ৩ বাজি ২ মিনিটত প্ৰশাসনীয় সংস্কাৰৰ জৰিয়তে সাহসিকতাপূর্ণ অর্থনৈতিক বিকাশ শীর্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ ল’ব জ্যেষ্ঠ সাংবাদি...