October 13, 2025 7:46 PM

views 28

ৰাইজক আতচবাজী সংগ্ৰহ কৰিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনোৱাত উদ্যোগীসকলৰ সন্তোষ প্রকাশ

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত এইবাৰ দীপাৱলী উদযাপনক লৈ ৰাজ্যৰ একাংশ সংগঠনে বাধা আৰোপ কৰাত বৰপেটাৰ আতচবাজী উদ্যোগৰ লগত জড়িত লোকসকলৰ ব্যৱসায়ত অনিশ্চয়তাই দেখা দিছে। এনে সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ আদৰ্শৰে থলুৱা লোকৰ উদ্যোগটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক আতচবাজী সংগ্ৰহ কৰিবলৈ আহ্বান জনোৱাত উদ্যোগীসকলে সন্তোষ প্রকাশ কৰিছে। এই সন্দৰ্ভত বৰপেটা আতচবাজী উদ্যোগৰ সভাপতি গোপজিৎ পাঠকে কয় যে অকালতে হেৰাই যোৱা শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই তেওঁলোকে এইবাৰ শব্দবিহীন আতচবা...

October 8, 2025 8:43 PM

views 27

বঙাইগাওঁ শোধানাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত শ্রমিক সংগঠনৰ প্ৰতিবাদ সাব্যস্ত

বঙাইগাওঁ শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে শোধানাগাৰৰ ঠিকাভিত্তিক প্ৰতিষ্ঠানৰ শ্রমিক বিৰোধী নীতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাওঁ শোধানাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত আজি শ্রমিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। শোধানাগাৰৰ ভিতৰচ'ৰাত নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰ গোষ্ঠীক অস্থায়ী শ্ৰমিকসকলক কামৰ পৰা অব্যাহতি দিয়া, শ্ৰমিকক প্রাপ্য মজুৰি আদায় নিদিয়া আদি অভিযোগ উত্থাপন কৰি কেইবাশতাধিক শ্রমিকে ৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

October 8, 2025 7:06 PM

views 90

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব। ভাৰতক আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰাৰ লক্ষ্যৰ আধাৰত শ্ৰীমোদীয়ে আজি নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ প্ৰথম পৰ্যায় মুকলি কৰিব। ভাৰতৰ সৰ্ববৃহৎ সেউজ ক্ষেত্ৰ বিমান বন্দৰ হিচাপে পৰিগণিত হ'বলগীয়া নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো প্ৰথম পৰ্যায় ১৯ হাজাৰ ৬৫০ কোটি টকা ব্যয়ৰে সম্পূৰ্ণ কৰা হৈছে। এই বিমান বন্দৰটোৱে বছৰি ৯ কোটি যাত্ৰী আৰু ৩২ দশমিক ৫ লাখ মেট্রিকটন সামগ্রী পৰিবহণত...

October 7, 2025 3:52 PM

views 43

দুদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী মোদী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ যাব। এই ভ্ৰমণকালত তেওঁ নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। প্ৰায় ১৯ হাজাৰ ৬৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই বিমান বন্দৰটো হ'ব দেশৰ সৰ্ববৃহৎ গ্রীণফিল্ড বিমান বন্দৰ প্ৰকল্প। উল্লেখযোগ্য যে মুম্বাই মহানগৰ এলেকাৰ দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে পৰিগণিত নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো যাত্ৰীৰ ভিৰ বৃদ্ধি পোৱাৰ ফলত উদ্ভৱ হোৱা সমস্যা লাঘৱ ...

October 2, 2025 8:51 PM

views 24

দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত বিশেষ ৰেহাই মূল্যত সামগ্রী বিক্রী মেলা

● নতুন দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত খাদী আৰু গ্ৰামোদ্যোগত উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত বিশেষ ৰেহাই মূল্যত আজি এখন সামগ্রী বিক্রী মেলা অনুষ্ঠিত হয়। মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি এই বিক্ৰী মেলা মুকলি কৰে। গ্ৰাহকক খাদী সামগ্ৰীৰ ক্ষেত্ৰত ২০ শতাংশ আৰু খাদী গ্রামোদ্যোগ সামগ্ৰীৰ ক্ষেত্ৰত ১০ শতাংশ ৰেহাই দিয়া হ'ব। আজি আৰম্ভ হোৱা আৰু অহা ৫ নবেম্বৰত সামৰণি পৰিবলগীয়া খাদী মহোৎসৱ-২০২৫লৈ এই ৰেহাই ব্যৱস্থা থাকিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন...

October 2, 2025 6:36 PM

views 38

ছুদানত এল ফেছাৰ মহানগৰৰ সমীপত ৰেপিড ছাপৰ্ট ফ’ৰ্চৰ ড্ৰ’ন আক্ৰমণত ৮ জন লোক নিহত

■ ছুদানত এল ফেছাৰ মহানগৰৰ সমীপত ৰেপিড ছাপৰ্ট ফ'ৰ্চৰ ড্ৰ'ন আক্ৰমণত ৮ জন লোক নিহত হোৱাৰ উপৰি কেইবাজনো লোক আহত হয়। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ঘটনাস্থলীতে ৫ জন অসামৰিক লোকৰ মৃত্যু হয়, আনহাতে ৩ জন গুৰুতৰভাৱে আহত লোকৰ চিকিৎসালয়ত মৃত্যু হয়। কমেও ১২ জন আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দেশখনত গৃহযুদ্ধ চলি থকাৰ পৰিপ্ৰেক্ষিতত বিদ্ৰোহী গোটে অসামৰিক লোক বাস কৰা অঞ্চলক প্ৰায়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। ছুদানিজ আর্মড ফ'ৰ্চ আৰু ৰেপিড ছাপৰ্ট ফ'ৰ্চৰ মাজত ২০২৩ চনৰ এপ্ৰিলৰ পৰা চলি থকা গৃহযুদ্ধত...

October 1, 2025 7:12 PM

views 37

আজি অসম আৰক্ষী দিৱস

আজি অসম আৰক্ষী দিৱস। জনসাধাৰণৰ শান্তি, সুৰক্ষা আৰু নিৰাপত্তাৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা অসম আৰক্ষীৰ বীৰত্ব আৰু সমৰ্পণৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয়, যে জনহিত-জনসেৱা মূলমন্ত্ৰৰে সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে দায়বদ্ধতাৰে কাম কৰি যোৱা আৰক্ষীৰ লোকসকল হৈছে সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ অম্লান প্রতিভূ। মুখ্যমন্ত্রী শর্মাই দেশ তথা জনসাধাৰণৰ সুৰক্...

September 25, 2025 9:44 PM

views 49

ৰাজস্থানৰ বাঞ্চৱাৰাত এক লাখ ২২ হাজাৰ কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বাঞ্চৱাৰাত এক লাখ ২২ হাজাৰ কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মাহী বান্ধৰ সমীপৰ নাপলাত মাহী বাঞ্চৱাৰা ৰাজস্থান পাৰমাণৱিক শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পটোত ৭০০ মেগাৱাট পাৰমাণৱিক শক্তি সম্পন্ন চাৰিটা গোট সামৰি লোৱা হ'ব আৰু ইয়াৰ নিৰ্মাণ ব্যয় ৪২ হাজাৰ কোটি টকা ধাৰ্য্য কৰা হৈছে। প্রধানমন্ত্রী শ্রী মোদীয়ে এহেজাৰ কোটি টকা ব্যয় সাপেক্ষ সৌৰ শক্তি, খোৱাপানী, স্বাস্থ্য, আন্তঃগা...

September 25, 2025 8:03 PM

views 37

বৰপেটাত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোক থিতাতে নিহত

■ বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কদমগুৰিত আজি দুপৰীয়া সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত আৰু এজন লোক আহত হয়। ইপিনে বজালী জিলাৰ পাঠশালাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত চুলিয়াপাৰাৰ সিদ্ধেশ্বৰ শৰ্মা নামৰ লোকজনৰ মৃত্যু হয়। ৰান্ধনী হিচাপে জীৱিকা নিৰ্বাহ কৰা শৰ্মাই নিজৰ কাম সমাপ্ত কৰি ঘৰলৈ আহি থকা অৱস্থাত এখন বাহনে তেওঁক মহতিয়াই লৈ যায়। ততাতৈয়াকৈ তেওঁক পাঠশালা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদি চিকিৎসকে মৃত ঘোষণা কৰে ৷

September 22, 2025 7:11 PM

views 253

হিয়াৰ আমঠু জুবিন গাৰ্গক শেষ দৰ্শনৰ বাবে সমগ্ৰ নিশা অজস্র গুণমুগ্ধৰ ভিৰ

ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱোৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে আজিও অভূতপূৰ্ব ৰূপত শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। আজি পুৱাৰে পৰা ষ্টেডিয়ামত শিল্পীগৰাকীক অন্তিমবাৰৰ বাবে দৰ্শন কৰিবলৈ বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্...