November 6, 2025 11:43 AM

views 21

ইলেকট্ৰনিকছ আৰু তথ্য-প্রযুক্তি মন্ত্ৰালয়ৰ ভাৰত কৃত্রিম বুদ্ধিমত্তা পৰিচালন নীতি-নিৰ্দেশনা মুকলি

■ ইলেকট্ৰনিকছ আৰু তথ্য-প্রযুক্তি মন্ত্ৰালয়ে ভাৰত কৃত্রিম বুদ্ধিমত্তা পৰিচালন নীতি-নিৰ্দেশনা মুকলি কৰিছে। এই নীতি-নিৰ্দেশনাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত নিৰাপদ, সৰ্বাত্মক আৰু দায়িত্বশীল কৃত্রিম বুদ্ধিমত্তা প্ৰণালীৰ গ্ৰহণ সুনিশ্চিত কৰাৰ বাবে সৰ্বাত্মক পৰিকাঠামোৰ দিহা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ চুড়ে মন্ত্ৰ্যালয়ৰ সচিব এছ কৃষ্ণনৰ উপস্থিতিত কালি নতুন দিল্লীত এই নীতি-নিৰ্দেশনা মুকলি কৰে। এই উপলক্ষে প্ৰফেচাৰ চুড়ে কয়, যে কাৰো ক্ষতি সাধন নকৰাটো এই পৰিকাঠামোৰ মূল ভা...

November 6, 2025 11:24 AM

views 50

ৰাজ্যত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ

■ ৰাজ্যখনত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কালি কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল অসমলৈ আহিছে। ৰাজ্যখনৰ কেইবাখনো জিলাৰ বিভিন্ন স্থানত এই ৰোগৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মীন, পশুপালন, দুগ্ধ আৰু ভূপালৰ পশু ৰোগ সম্পৰ্কীয় ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ দলটোৱে বিভিন্ন দিশ পৰ্যালোচনা কৰিব। দলটোৱে ধেমাজি, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত পৰিস্থিতিৰ বুজ লোৱাৰ সম্ভাৱনা আছে। প্রতিনিধিসকলে এই ৰোগৰ সংক্ৰমণৰ সকলো দিশ চালি-জাৰি চোৱাৰ পাছত ইয়াৰ নিয়ন্ত্ৰণৰ ব...

October 28, 2025 10:56 AM

views 42

নেলীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোক থিতাতে নিহত

■ মৰিগাঁও জিলাৰ নেলীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত হয়। নিহত লোককেইজন চিকিৎসক ডাঃ কণ্ঠেশ্বৰ বৰদলৈ, মানস মহন্ত, আশ্বিক হুছেইন বুলি জানিব পৰা গৈছে। উল্লেখযোগ যে জাগীৰোডৰ পৰা নগাঁও অভিমুখে গৈ থকা তেওঁলোকৰ বাহনখন পথৰ দাঁতিত নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দা মাৰে আৰু বাহনখন চূর্ণ-বিচূর্ণ হয়। দুৰ্ঘটনাত আহত আন দুজন লোকক মৰিগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে বুলি আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনাইছে।

October 24, 2025 6:49 PM

views 32

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ‍ কুমাৰ বৰুৱাৰ দেহাৱসান

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ‍ কুমাৰ বৰুৱাৰ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৬ বছৰ। যোৰহাটৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত থকা প্ৰয়াত ইন্দ্ৰজিৎ বৰুৱাৰ নশ্বৰ দেহত যোৰহাট প্ৰেছ ক্লাবকে ধৰি বিভিন্ন অনুষ্ঠানে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

October 17, 2025 12:22 PM

views 51

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিক ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

October 17, 2025 12:13 PM

views 28

শিশু যৌন নিৰ্যাতনৰ গোচৰত আয়ুব আলি চৌধুৰী নামৰ এজন লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা

কামৰূপ মহানগৰ জিলাৰ পক্‌ছ’ আদালতে কালি শিশু যৌন নিৰ্যাতনৰ গোচৰত আয়ুব আলি চৌধুৰী নামৰ এজন লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছে। পক্‌ছ' আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত দোষী সাব্যস্ত কৰি আদালতে অপৰাধীজনক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে। হাতীগাঁও আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত চৌধুৰীক গ্ৰেপ্তাৰ কৰা হৈছিল।

October 13, 2025 7:46 PM

views 20

ৰাইজক আতচবাজী সংগ্ৰহ কৰিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনোৱাত উদ্যোগীসকলৰ সন্তোষ প্রকাশ

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত এইবাৰ দীপাৱলী উদযাপনক লৈ ৰাজ্যৰ একাংশ সংগঠনে বাধা আৰোপ কৰাত বৰপেটাৰ আতচবাজী উদ্যোগৰ লগত জড়িত লোকসকলৰ ব্যৱসায়ত অনিশ্চয়তাই দেখা দিছে। এনে সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ আদৰ্শৰে থলুৱা লোকৰ উদ্যোগটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক আতচবাজী সংগ্ৰহ কৰিবলৈ আহ্বান জনোৱাত উদ্যোগীসকলে সন্তোষ প্রকাশ কৰিছে। এই সন্দৰ্ভত বৰপেটা আতচবাজী উদ্যোগৰ সভাপতি গোপজিৎ পাঠকে কয় যে অকালতে হেৰাই যোৱা শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই তেওঁলোকে এইবাৰ শব্দবিহীন আতচবা...

October 8, 2025 8:43 PM

views 19

বঙাইগাওঁ শোধানাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত শ্রমিক সংগঠনৰ প্ৰতিবাদ সাব্যস্ত

বঙাইগাওঁ শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে শোধানাগাৰৰ ঠিকাভিত্তিক প্ৰতিষ্ঠানৰ শ্রমিক বিৰোধী নীতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাওঁ শোধানাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত আজি শ্রমিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। শোধানাগাৰৰ ভিতৰচ'ৰাত নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰ গোষ্ঠীক অস্থায়ী শ্ৰমিকসকলক কামৰ পৰা অব্যাহতি দিয়া, শ্ৰমিকক প্রাপ্য মজুৰি আদায় নিদিয়া আদি অভিযোগ উত্থাপন কৰি কেইবাশতাধিক শ্রমিকে ৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

October 8, 2025 7:06 PM

views 71

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব। ভাৰতক আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰাৰ লক্ষ্যৰ আধাৰত শ্ৰীমোদীয়ে আজি নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ প্ৰথম পৰ্যায় মুকলি কৰিব। ভাৰতৰ সৰ্ববৃহৎ সেউজ ক্ষেত্ৰ বিমান বন্দৰ হিচাপে পৰিগণিত হ'বলগীয়া নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো প্ৰথম পৰ্যায় ১৯ হাজাৰ ৬৫০ কোটি টকা ব্যয়ৰে সম্পূৰ্ণ কৰা হৈছে। এই বিমান বন্দৰটোৱে বছৰি ৯ কোটি যাত্ৰী আৰু ৩২ দশমিক ৫ লাখ মেট্রিকটন সামগ্রী পৰিবহণত...

October 7, 2025 3:52 PM

views 38

দুদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী মোদী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ যাব। এই ভ্ৰমণকালত তেওঁ নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। প্ৰায় ১৯ হাজাৰ ৬৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই বিমান বন্দৰটো হ'ব দেশৰ সৰ্ববৃহৎ গ্রীণফিল্ড বিমান বন্দৰ প্ৰকল্প। উল্লেখযোগ্য যে মুম্বাই মহানগৰ এলেকাৰ দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে পৰিগণিত নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো যাত্ৰীৰ ভিৰ বৃদ্ধি পোৱাৰ ফলত উদ্ভৱ হোৱা সমস্যা লাঘৱ ...