November 27, 2025 2:24 PM

views 25

ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছেঃ প্রধানমন্ত্ৰী মোদী

● ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে আজি ভি ডি অ' কনফাৰেন্সিং ব্যৱস্থাৰে হায়দাবাদত স্কাইটৰ ইনফিনিটী চৌহদ মুকলি কৰি কয়, যে চৰকাৰে দেশৰ মহাকাশ খণ্ডত বহু ঐতিহাসিক সংস্কাৰ সাধন কৰিছে। তেওঁ কয়, যে চৰকাৰে মহাকাশ খণ্ডক ব্যক্তিগত উদ্ভাৱনৰ বাবে মুকলি কৰি দিয়াৰ লগতে ষ্টাৰ্ট-আপ আৰু উদ্যোগসমূহক দেশৰ বৈজ্ঞানিক পৰিস্থিতি তন্ত্ৰৰ সৈতে কাম কৰাৰ সুযোগ প্ৰদান কৰিছে। শ্রীমোদীয়ে লগতে উল্লেখ কৰে যে, অনাগ...

November 24, 2025 8:36 PM

views 24

ভূটানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী শ্বেৰিং টৰ্গেক কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৰ সাক্ষাৎ

কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৱে আজি ভূটানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী শ্বেৰিং টৰ্গেক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে কয় যে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনাই ভাৰত আৰু ভূটানৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব আৰু দুয়োখন দেশ বিভিন্ন দিশত সহযোগিতাৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব।

November 17, 2025 7:58 PM

views 33

ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাৰ পেভিলিয়ন উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াৰ

শ্ৰম আৰু নিযুক্তি মন্ত্রী ডাঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাৰ পেভিলিয়ন উদ্বোধন কৰে। মাণ্ডাভিয়াই কয় যে কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাই দীর্ঘদিন ধৰি সমগ্ৰ দেশৰ কোটি কোটি শ্ৰমিকৰ বাবে বিত্তীয় নিৰাপত্তাৰ স্তম্ভ হিচাপে কাম কৰি আহিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সংস্থাই দেশৰ সামাজিক সুৰক্ষাৰ গাঁথনি শক্তিশালী কৰিছে। তেওঁ লগতে যুৱক-যুৱতীসকলক এই পেভিলিয়নটো দৰ্শন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে এই পেভিলিয়নে কেনেদৰে ডিজিটেল ...

November 6, 2025 2:41 PM

views 39

ইজৰাইলৰ সেনা বাহিনীয়ে হামাছ সন্ত্ৰাসবাদীক নির্মূল কৰিব

■ ইজৰাইলৰ সেনা বাহিনীয়ে হামাছ সন্ত্ৰাসবাদী নির্মূল আৰু গাজাৰ ইজৰাইলৰ নিয়ন্ত্ৰণত থকা অঞ্চলসমূহত থকা সুৰংগ ধ্বংস কৰি যাব বুলি দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাজে প্ৰকাশ কৰিছে। ৰাফাত বন্দী কৰি ৰখা হামাছৰ সন্ত্ৰাসবাদীক গাজা ষ্ট্ৰীপলৈ ঘূৰাই পঠোৱাৰ বাবে আমেৰিকাই ইজৰাইলক আহ্বান জনোৱা বুলি তথ্য প্ৰকাশৰ মাজতে কালি কাজে এই মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে ইজৰাইলৰ উদ্দেশ্য হৈছে – হামাছক নিৰস্ত্ৰ কৰি গাজাক সেনামুক্ত কৰা আৰু পণবন্দীসকলৰ মৃতদেহ উদ্ধাৰ কৰা। ৰাফাৰ সুৰংগসমূহৰ ভিতৰত এতিয়াও হাম...

November 6, 2025 11:43 AM

views 31

ইলেকট্ৰনিকছ আৰু তথ্য-প্রযুক্তি মন্ত্ৰালয়ৰ ভাৰত কৃত্রিম বুদ্ধিমত্তা পৰিচালন নীতি-নিৰ্দেশনা মুকলি

■ ইলেকট্ৰনিকছ আৰু তথ্য-প্রযুক্তি মন্ত্ৰালয়ে ভাৰত কৃত্রিম বুদ্ধিমত্তা পৰিচালন নীতি-নিৰ্দেশনা মুকলি কৰিছে। এই নীতি-নিৰ্দেশনাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত নিৰাপদ, সৰ্বাত্মক আৰু দায়িত্বশীল কৃত্রিম বুদ্ধিমত্তা প্ৰণালীৰ গ্ৰহণ সুনিশ্চিত কৰাৰ বাবে সৰ্বাত্মক পৰিকাঠামোৰ দিহা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ চুড়ে মন্ত্ৰ্যালয়ৰ সচিব এছ কৃষ্ণনৰ উপস্থিতিত কালি নতুন দিল্লীত এই নীতি-নিৰ্দেশনা মুকলি কৰে। এই উপলক্ষে প্ৰফেচাৰ চুড়ে কয়, যে কাৰো ক্ষতি সাধন নকৰাটো এই পৰিকাঠামোৰ মূল ভা...

November 6, 2025 11:24 AM

views 61

ৰাজ্যত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ

■ ৰাজ্যখনত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কালি কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল অসমলৈ আহিছে। ৰাজ্যখনৰ কেইবাখনো জিলাৰ বিভিন্ন স্থানত এই ৰোগৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মীন, পশুপালন, দুগ্ধ আৰু ভূপালৰ পশু ৰোগ সম্পৰ্কীয় ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ দলটোৱে বিভিন্ন দিশ পৰ্যালোচনা কৰিব। দলটোৱে ধেমাজি, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত পৰিস্থিতিৰ বুজ লোৱাৰ সম্ভাৱনা আছে। প্রতিনিধিসকলে এই ৰোগৰ সংক্ৰমণৰ সকলো দিশ চালি-জাৰি চোৱাৰ পাছত ইয়াৰ নিয়ন্ত্ৰণৰ ব...

October 28, 2025 10:56 AM

views 50

নেলীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোক থিতাতে নিহত

■ মৰিগাঁও জিলাৰ নেলীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত হয়। নিহত লোককেইজন চিকিৎসক ডাঃ কণ্ঠেশ্বৰ বৰদলৈ, মানস মহন্ত, আশ্বিক হুছেইন বুলি জানিব পৰা গৈছে। উল্লেখযোগ যে জাগীৰোডৰ পৰা নগাঁও অভিমুখে গৈ থকা তেওঁলোকৰ বাহনখন পথৰ দাঁতিত নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দা মাৰে আৰু বাহনখন চূর্ণ-বিচূর্ণ হয়। দুৰ্ঘটনাত আহত আন দুজন লোকক মৰিগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে বুলি আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনাইছে।

October 24, 2025 6:49 PM

views 41

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ‍ কুমাৰ বৰুৱাৰ দেহাৱসান

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ‍ কুমাৰ বৰুৱাৰ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৬ বছৰ। যোৰহাটৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত থকা প্ৰয়াত ইন্দ্ৰজিৎ বৰুৱাৰ নশ্বৰ দেহত যোৰহাট প্ৰেছ ক্লাবকে ধৰি বিভিন্ন অনুষ্ঠানে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

October 17, 2025 12:22 PM

views 57

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিক ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

October 17, 2025 12:13 PM

views 40

শিশু যৌন নিৰ্যাতনৰ গোচৰত আয়ুব আলি চৌধুৰী নামৰ এজন লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা

কামৰূপ মহানগৰ জিলাৰ পক্‌ছ’ আদালতে কালি শিশু যৌন নিৰ্যাতনৰ গোচৰত আয়ুব আলি চৌধুৰী নামৰ এজন লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছে। পক্‌ছ' আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত দোষী সাব্যস্ত কৰি আদালতে অপৰাধীজনক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে। হাতীগাঁও আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত চৌধুৰীক গ্ৰেপ্তাৰ কৰা হৈছিল।