December 4, 2025 8:01 PM

views 10

কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰাৰ আশা কৰা হৈছে

কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰাৰ আশা কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি এই নতুন সংস্কাৰে দেশৰ শ্ৰমিকসকলক প্ৰত্যক্ষ সুবিধা প্ৰদান কৰিছে। এই শ্রম সংস্কাৰৰ জৰিয়তে চৰকাৰে দেশৰ বিভিন্ন খণ্ডত শ্রমিক শাসন ব্যৱস্থা শক্তিশালী কৰিছে। এই সংস্কাৰৰ অধীনত কোনো নিয়োগকাৰীয়ে কৰ্মচাৰীক ন্যূনতম মজুৰিতকৈ কম দৰমহা দিব নোৱাৰিব। সাধাৰণ কৰ্ম সময়ৰ বাহিৰত কৰা কামৰ ক্ষেত্ৰত নিয়মীয়া মজুৰি হাৰতকৈ দুগুণ ক্ষতিপূৰণ দিব লাগিব। লগতে এই ...

December 4, 2025 7:24 PM

views 12

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডত অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত কমিউনিটি কেডাৰসকলৰ মাজত স্কুটি বিতৰণ

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডত আজি অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত কমিউনিটি কেডাৰসকলৰ মাজত স্কুটি বিতৰণ কৰা হয়। ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনে এই স্কুটীসমূহ বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে পি এম এফ এম ই আঁচনিৰ অধীনত আত্মসহায়ক গোটসমূহৰ মাজত চেকো বিতৰণ কৰে। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত এই আঁচনিখনে তৃণমূল পৰ্যায়ত কাম কৰা জীৱিকা সখী, কৃষি সখী, বেংক সখীসকলৰ কামকাজসমূহ সুচাৰুৰূপে ৰূপায়ণত সহায় কৰাৰ লগতে আত্মনিৰ্ভৰ গাঁও নিৰ্মাণৰ পথ প্রশস্ত কৰিব বুলি মন্ত্ৰী ফুকনে উল্লেখ ...

December 4, 2025 6:50 PM

views 8

ৰাজ্যৰ গৃহ বিভাগৰ তিনিটা জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ পৰা পোৱা গোপন তথ্য মৰ্মে ৰাজ্যৰ গৃহ বিভাগে তিনিটা জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা কৰিছে। গৃহ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি জামাত-উল-মুজাহিদিন বাংলাদেশ, আনছাৰুল্লাহ বাংলা টীম আৰু অল কায়দাৰ সৈতে জড়িত আনছাৰ-অল-ইছলাম নামৰ সন্ত্ৰাসবাদী সংগঠনকেইটাক নিষিদ্ধ ঘোষণা কৰা হৈছে। একেদৰে ৰাজ্যৰ ন্যায়িক বিভাগে ২৬ নৱেম্বৰত প্ৰকাশ কৰা অনুসৰি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এই সংগঠনকেইটাৰ গোপন যোগাযোগক লৈ আপত্তিজনক তথ্য আৰু শুংসূত্ৰ লাভ কৰিছে। এই অনুসৰি সংগঠনকেইটাই কোনোধৰণৰ প্...

December 3, 2025 11:28 AM

views 10

বৰপাত্ৰ গোহাঁইসকলৰ ৭টা মৈদাম সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ টাই-আহোম উন্নয়ন পৰিষদৰ

● টাই-আহোম উন্নয়ন পৰিষদে শিৱসাগৰ নগৰ সমীপৰ বেতবাৰী মৌজাত থকা আহোম ৰাজত্ব কালৰ বৰপাত্ৰ গোহাঁইসকলৰ ৭টা মৈদাম সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশস্বৰূপে পৰহি মৈদামৰ চাৰিওকাষে নিৰ্মাণ কৰিবলগীয়া দেৱালৰ আধাৰশিলা স্থাপন কৰা হয়। মন্ত্রী পীযূষ হাজৰিকাই প্ৰায় ৪৫ লাখ টকা পুঁজিৰে নিৰ্মাণ হ'বলগীয়া এই দেৱালখনৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে টাই-আহোম উন্নয়ন পৰিষদৰ পুঁজিৰে এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হ'ব।

November 29, 2025 7:18 PM

views 8

এয়াৰবাছ A320 শ্ৰেণীৰ বিমানসমূহৰ সেৱা তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

■ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমানসেৱাৰ বাধ্যতামূলক সুৰক্ষাৰ দিশৰ পৰা প্রয়োজনীয় সাল-সলনি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এয়াৰবাছ A320 শ্ৰেণীৰ বিমানসমূহৰ সেৱা তাৎক্ষণিকভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে। এই নিৰ্দেশনাৰ অধীনত এয়াৰবাছ A318, A319, A320 আৰু A321 বাহিনীক সামৰি লোৱা হৈছে আৰু নিৰ্ধাৰিত পৰীক্ষা আৰু সংশোধন সম্পূর্ণ নোহোৱালৈকে উৰনত বাধা দিয়া হৈছে। উল্লেখযোগ্য যে এয়াৰবাছে বিশ্বযুৰি ইয়াৰ A320 শ্ৰেণীৰ সহস্রাধিক বিমান ততালিকে মেৰামতি কৰাৰ নিৰ্দেশ দিছে। ইয়াৰ ফলত বিশ্বজুৰি প্ৰায় ছয় হাজাৰ বিমান ...

November 27, 2025 3:45 PM

views 11

পাকিস্তানলৈ বেইজিং মহলৰ সমৰ্থন বন্ধৰ বাবে উপেন্দ্ৰ দ্বিবেদীয়ে অৰুণাচল প্ৰদেশ চীনলৈ হস্তান্তৰৰ ভিডিঅ’ক খণ্ডন চৰকাৰৰ

● পাকিস্তানলৈ বেইজিং মহলৰ সমৰ্থন বন্ধ কৰাৰ বাবে স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অৰুণাচল প্ৰদেশ চীনলৈ হস্তান্তৰ কৰাৰ পৰামৰ্শ আগবঢ়োৱা বুলি দাবী কৰা এটা ভি ডি অ' চৰকাৰে খণ্ডন কৰিছে। ডিজিটেলভাৱে সাল-সলনি কৰা ভি ডি অ'টোত ভাৰত-পাকিস্তান সংঘৰ্ষৰ সময়ত চীনা প্রযুক্তিৰ জৰিয়তে ৰাফেল বিমান ধ্বংস কৰাৰ কথা স্বীকাৰ কৰা বুলিও কোৱা হৈছে। প্ৰেছ ইনফৰমেচন ব্যুৰৰ তথ্য উদ্ঘাটনকাৰী গোটে পাকিস্তানৰ কেইবাটাও ভুৱা একাউণ্টৰ জৰিয়তে ভাৰতীয় সশস্ত্র বাহিনীৰ বিৰুদ্ধে অপ-প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে কৃত্রিম বুদ্ধিম...

November 27, 2025 2:24 PM

views 13

ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছেঃ প্রধানমন্ত্ৰী মোদী

● ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে আজি ভি ডি অ' কনফাৰেন্সিং ব্যৱস্থাৰে হায়দাবাদত স্কাইটৰ ইনফিনিটী চৌহদ মুকলি কৰি কয়, যে চৰকাৰে দেশৰ মহাকাশ খণ্ডত বহু ঐতিহাসিক সংস্কাৰ সাধন কৰিছে। তেওঁ কয়, যে চৰকাৰে মহাকাশ খণ্ডক ব্যক্তিগত উদ্ভাৱনৰ বাবে মুকলি কৰি দিয়াৰ লগতে ষ্টাৰ্ট-আপ আৰু উদ্যোগসমূহক দেশৰ বৈজ্ঞানিক পৰিস্থিতি তন্ত্ৰৰ সৈতে কাম কৰাৰ সুযোগ প্ৰদান কৰিছে। শ্রীমোদীয়ে লগতে উল্লেখ কৰে যে, অনাগ...

November 24, 2025 8:36 PM

views 17

ভূটানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী শ্বেৰিং টৰ্গেক কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৰ সাক্ষাৎ

কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৱে আজি ভূটানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী শ্বেৰিং টৰ্গেক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে কয় যে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনাই ভাৰত আৰু ভূটানৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব আৰু দুয়োখন দেশ বিভিন্ন দিশত সহযোগিতাৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব।

November 17, 2025 7:58 PM

views 20

ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাৰ পেভিলিয়ন উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াৰ

শ্ৰম আৰু নিযুক্তি মন্ত্রী ডাঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাৰ পেভিলিয়ন উদ্বোধন কৰে। মাণ্ডাভিয়াই কয় যে কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাই দীর্ঘদিন ধৰি সমগ্ৰ দেশৰ কোটি কোটি শ্ৰমিকৰ বাবে বিত্তীয় নিৰাপত্তাৰ স্তম্ভ হিচাপে কাম কৰি আহিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সংস্থাই দেশৰ সামাজিক সুৰক্ষাৰ গাঁথনি শক্তিশালী কৰিছে। তেওঁ লগতে যুৱক-যুৱতীসকলক এই পেভিলিয়নটো দৰ্শন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে এই পেভিলিয়নে কেনেদৰে ডিজিটেল ...

November 6, 2025 2:41 PM

views 34

ইজৰাইলৰ সেনা বাহিনীয়ে হামাছ সন্ত্ৰাসবাদীক নির্মূল কৰিব

■ ইজৰাইলৰ সেনা বাহিনীয়ে হামাছ সন্ত্ৰাসবাদী নির্মূল আৰু গাজাৰ ইজৰাইলৰ নিয়ন্ত্ৰণত থকা অঞ্চলসমূহত থকা সুৰংগ ধ্বংস কৰি যাব বুলি দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাজে প্ৰকাশ কৰিছে। ৰাফাত বন্দী কৰি ৰখা হামাছৰ সন্ত্ৰাসবাদীক গাজা ষ্ট্ৰীপলৈ ঘূৰাই পঠোৱাৰ বাবে আমেৰিকাই ইজৰাইলক আহ্বান জনোৱা বুলি তথ্য প্ৰকাশৰ মাজতে কালি কাজে এই মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে ইজৰাইলৰ উদ্দেশ্য হৈছে – হামাছক নিৰস্ত্ৰ কৰি গাজাক সেনামুক্ত কৰা আৰু পণবন্দীসকলৰ মৃতদেহ উদ্ধাৰ কৰা। ৰাফাৰ সুৰংগসমূহৰ ভিতৰত এতিয়াও হাম...