April 15, 2025 8:30 PM

views 24

সম্প্ৰচাৰ প্ৰযুক্তিৰ ডিজিটেল ট্ৰেন্সমিটাৰলৈ স্থানান্তৰিত হোৱাৰ ফলত সম্প্ৰচাৰ ক্ষমতা বৃদ্ধিৰ লগতে লাইভ স্ট্রীমিঙৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও সক্ষম হৈছেঃ ড০ প্ৰজ্ঞান পালীৱাল গৌৰ

আকাশবাণী হায়দৰাবাদ কেন্দ্ৰৰ হীৰক জয়ন্তী সমাৰোহ আজিৰে পৰা আৰম্ভ হৈছে। আকাশবাণী আৰু সংবাদ সেৱা বিভাগৰ মহা নিৰ্দেশক ড০ প্ৰজ্ঞান পালীৱাল গৌৰে ভার্চুৱেল ব্যৱস্থাৰে অনুষ্ঠানটি মুকলি কৰে। আকাশবাণী হায়দৰাবাদৰ সমূহ কৰ্ম-কৰ্তা তথা বিষয়ববীয়াক সম্বোধন কৰি ড০ গৌৰে কয়, যে সম্প্ৰচাৰ প্ৰযুক্তিৰ এনালগৰ পৰা ডিজিটেল ট্ৰেন্সমিটাৰলৈ স্থানান্তৰিত হোৱাৰ ফলত ইয়াৰ সম্প্ৰচাৰ ক্ষমতা বৃদ্ধি পাইছে, যাৰ ফলত লাইভ স্ট্রীমিঙৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও সক্ষম হৈছে। তেওঁ আকাশবাণী হায়দাবাদে ৭ টা ভাষাত অনুষ্ঠান প্ৰচাৰ কৰি গ্ৰাম...