January 15, 2025 6:55 PM January 15, 2025 6:55 PM
10
প্ৰতিদিনে পুৱা ৭-৫৫ মিনিট আৰু সন্ধিয়া ৬ বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বাতৰিক উজনিৰ বাতৰি বুলি নামকৰণ
আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰতিদিনে পুৱা ৭ বাজি ৫৫ মিনিট আৰু সন্ধিয়া ৬ বজাত প্ৰচাৰ কৰি অহা বাতৰিক উজনিৰ বাতৰি বুলি নামকৰণ কৰাৰ বাবে কিছুসংখ্যক শ্রোতাই আপত্তি দৰ্শোৱা বাতৰি বিভাগৰ দৃষ্টিগোচৰ হৈছে। এই ক্ষেত্ৰত বাতৰি বিভাগে স্পষ্ট কৰিব বিচাৰে যে, ৰাজ্যখনক উজনি আৰু নামনি নামেৰে বিভাজন কৰাৰ কোনো উদ্দেশ্য বাতৰি বিভাগৰ নাই। আকাশবাণীৰ সঞ্চালকালয়ৰ নিৰ্দেশমর্মে পূর্বে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত বাতৰিৰ বুলেটিন বর্তমান গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হৈছে। সেয়েহে এই বাতৰিক উজনিৰ বাতৰিৰূপ...